নিউজ ডেস্ক, ২৭ এপ্ৰিলঃপাকিস্তানৰ দুৰ্নীতি বিৰোধী শাখাই দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ বিৰুদ্ধে জাৰী কৰিছে গ্ৰেপ্তাৰী পৰোৱানা । ৩৪ বছৰ পুৰনি এক ভূমি কেলেংকাৰীৰ গোচৰত শ্বৰীফৰ বিৰুদ্ধে এইদৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰোৱে ।
পাকিস্তানৰ মুছলিম লীগৰ প্ৰধান ৭০ বছৰীয়া নৱাজ শ্বৰীফ স্বাস্থ্যজনিত কাৰণত দীৰ্ঘদিন ধৰি লণ্ডনত চিকিৎসাধীন হৈ আছে ।
পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰো (National Accountability Bureau, NAB)ৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, শ্বৰীফে পাকিস্তানৰ পঞ্জাৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা তিনিবাৰকৈ প্ৰিমিয়াৰ নিৰ্বাচিত হোৱা জাং গ্ৰুপৰ এডিটৰ-ইন-চীফ মীৰ শ্বাকিলুৰ ৰেহমানক ১৯৮৬ চনত অনৈতিকভাৱে ভূমি হস্তান্তৰ কৰিছিল ।
পাকিস্তানৰ দুৰ্নীতিবিৰোধী তদন্তকাৰী সংস্থাই শ্বৰীফক জাননী জাৰী কৰিছিল যদিও কোনো প্ৰত্য়ুত্তৰ নোপোৱাৰ ফলতে এইদৰে অসহযোগৰ অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰি আদালতৰ মজিয়ালৈ লৈ যায় সমগ্ৰ গোচৰটো । আনহাতে মীৰ ৰেহমানৰ বিৰুদ্ধেও দেশখনত কেবাটাও দুৰ্নীতিৰ গোচৰ ৰুজু হৈ আছে ।