অসম

assam

ETV Bharat / jagte-raho

চিৰাঙত বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ উদ্ধাৰ - আৰক্ষী

এক বিশেষ গোপন তথ্যৰ ভিত্তিত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Arms Resque by Police At chirang
চিৰাঙত বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ উদ্ধাৰ

By

Published : Jul 19, 2020, 6:31 PM IST

চিৰাং, 19 জুলাইঃ চিৰাং জিলাৰ বিজনী ৪নং ময়নাগুৰিত আৰক্ষীৰ অভিযানত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ উদ্ধাৰ হয় । এক গোপন সুত্ৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি ৷

চিৰাঙত বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ উদ্ধাৰ

উল্লেখ্য যে, চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং, জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি,বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰা সহ আৰক্ষীৰ দল এটাই জিলাখনৰ বিজনীৰ ময়নাগুৰিত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলায় । আৰক্ষীৰ এই অভিযানত মাটিত পুতি থোৱা অৱস্থাত ৰাতিপুৱা ১০.৩০ বজাত এইচ কে চিৰিজৰ এটা ৰাইফল, এটা মেগজিন আৰু দহ জাই সজীৱ গুলি উদ্ধাৰ কৰে । পলিথিনেৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা আছিল অস্ত্ৰখিনি ৷ ইফালে জব্দকৃত অস্ত্ৰখিনি বল্লামগুৰি আৰক্ষী চকীলৈ প্ৰেৰণ কৰে ৷ লগতে অধিক তথ্যৰ বাবে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-বিবাহৰ প্ৰলোভনৰে প্ৰেমিকাক অন্তঃসত্বা, ন্যায় বিচাৰি থানাত প্ৰেমিকা

ABOUT THE AUTHOR

...view details