নগাঁও, ৪ মে' :নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । নগাঁৱত পুনৰ ভুলুণ্ঠিত হ'ল মানৱতা ৷ চৰকাৰী চিকিৎসালয়ৰ সমীপত উদ্ধাৰ নৱজাতকৰ মৃতদেহ । হৃদয়হীন লোকে নৱজাতকক পেলাই থৈ গ'ল দলঙৰ তলত ৷ নগাঁও ম'হখুলি অসামৰিক চিকিৎসালয়ৰ নাতিদুৰৈত উদ্ধাৰ হৈছে মৃত নৱজাতক ৷
কোনো হৃদয়হীনলোকে নৱজাতকটিক জীৱিত অৱস্থাতেই দলঙৰ পৰা দলিয়াই দিয়াৰ সন্দেহ ৷ নগাঁৱৰ টাউন টেলিয়া গাওঁৰ অন্তৰ্গত হৰহৰিয়া জানৰ দলঙৰ তললৈ দলিয়াই পেলাই নৱজাতকটি । লক ডাউন চলি থকাৰ সময়তে নগাওঁ চহৰৰ সমীপত সংঘটিত এনে ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।
নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - amid lock down in Nagaon
লকডাউনৰ মাজতে নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ ।
![নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7054055-77-7054055-1588580908797.jpg)
নগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ