বৰপেটা, 18 ডিচেম্বৰ :অৱশেষত বৰপেটা আদালতে দোষী সাব্যস্ত কৰিলে 2018 বৰ্ষত বৰপেটাত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ দুই অভিযুক্তক ৷ 5 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে দুই হাজাৰ টকাৰ জৰিমনা বিহিছে আদালতে ৷
উল্লেখ্য যে, 2018 চনত বৰপেটা চহৰৰ মেটুৱাকুছিত সংঘটিত হৈছিল যৌন নিৰ্যাতনৰ ঘটনা ৷ 14 বছৰীয়া কিশোৰীক সন্ধিয়া দোকানলৈ অহা অৱস্থাত মুখত সোপা দি এখন বিদ্যালয়ত ওৰে নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাৰ তিনিমাহ পিচতেই মানসিকভাৱে ভাগি কিশোৰী গৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'ব লগা হৈছিল ৷