লাহৰিঘাট, 1 ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো ম'ৰেল পুলিচিঙৰ জঘন্য ঘটনা। এইবাৰ অনুৰূপ এটা ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবড়িত । প্ৰেমিকাক দেখা কৰিবলৈ যাওতেই প্ৰেমিকাৰ পৰিয়ালে হাত ভৰি বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে মেহবুব আলম নামৰ প্ৰেমিকজনক ৷
উল্লেখ্য যে, পৰিয়ালৰ অভিযোগ অনুসৰি বোৱালগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কুদ্দুছ আলীৰ ছোৱালীৰ সৈতে প্ৰেমজনিত সম্পৰ্ক আছে মেহবুব আলম নামৰ যুৱকজনৰ। মেহবুব আলমে ফাৰ্মাচিষ্টৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ বহিঃৰাজ্যলৈ যোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়তে প্ৰেমিকা নাৰগিছ চুলতানা নামৰ প্ৰেমিকা গৰাকীয়ে মেহবুব আলমক বহিঃৰাজ্যলৈ যোৱাৰ পূৰ্বেই এবাৰ লগ পাবলৈ ফোনযোগে মাতি পঠিয়াই ৷ সেই মৰ্মে প্ৰেমিক গৈ উপস্থিত হৈছিল প্ৰেমিকাৰ ঘৰত ৷ তেতিয়াই প্ৰমিকাৰ ভাতৃ জাহাঙ্গীৰ আলমে প্ৰমিক মেহবুব আলমক আটক কৰে। তাৰ পিছতেই প্ৰেমিকাৰ পৰিয়ালে উপাৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাট প্ৰাপ্ত কৰে মেহবুবক ।
উক্ত ঘটনাটোৰ বিষয়ে মেহবুবৰ পৰিয়ালে জ্ঞাত হোৱাত লাহৰীঘাট আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ মেহবুবক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। সম্প্ৰতি মেহবুব GMCH ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।