নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ লকডাউনৰ সময়তে অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৯গৰাকীকৈ লোকক । দিল্লী-মিৰাট পথত থকা এটা গুডামৰ পৰা অবৈধভাৱে সুৰা কঢ়িয়াই অনা অৱস্থাত লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা সুৰাৰ বটল তথা এখন বাহন জব্দ কৰে । আৰক্ষীয়ে লকডাউনৰ সময়ত খোলা ৰখা সুৰাৰ গুডামটো বন্ধ কৰি দিয়ে ।
উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু চিহানী গেট পুলিছ ষ্টেচনৰ এটা যুটীয়া দলে এই অভিযানৰ নেতৃত্ব দিয়ে । জ্যেষ্ঠ আৰক্ষী অধীক্ষক কালানিধি নৈথানিয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এগৰাকী লোকে জানিবলৈ দিয়া অনুসৰি, দিল্লী-মিৰাট পথৰ কৃষ্ণ নগৰ কলনিত এটা থকা গুডামৰ পৰা অত্যধিক মূল্যত তেওঁলোকে এই সুৰাখিনি ক্ৰয় কৰিছিল ।