অসম

assam

By

Published : Apr 30, 2020, 1:53 PM IST

ETV Bharat / jagte-raho

দেশত ভয়াৱহ হাৰত বাল্য বিবাহ ! লকডাউনৰ সময়ৰ পৰিসংখ্যা আছিল ৮৯৮

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ জৰুৰীকালীন নম্বৰ ১০৯৮ত দেশব্যাপী চলি থকা লকডাউনৰ মাজতে ১৮,২০০ টাকৈ ফোনকল আহে । এই আটাইকেইটা ফোনকলৰ ভিতৰত ৮৯৮ টা আছিল বাল্য বিবাহৰ । কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰকাশ কৰিছে এই তথ্য ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ২০ মাৰ্চৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত দেশৰ মহিলা আৰু শিশু উন্নয়ন বিভাগে প্ৰায় ৯৮৯ খন বাল্য বিবাহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে এই তথ্য । লকডাউনৰ সময়ত মন্ত্ৰালয়ৰ জৰুৰীকালীন নম্বৰ ১০৯৮ত প্ৰায় ১৮,২০০ ফোনকল আহে যিসমূহ ফোনকল বাল্য় বিবাহ সম্বন্ধীয় আছিল । এই জৰুৰীকালীন সহায়কাৰী নম্বৰটোত সৰ্বাধিক সংখ্যক ৬ লাখ ফোনকল লাভ কৰে বিভাগে ।

দেশত চলি থকা লকডাউনৰ সময়ত সৰ্বাধিক সংখ্যক ফোনকল কৰ্নাটক, তামিলনাডু, উৰিষ্য়া, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা লাভ কৰিছিল মন্ত্ৰালয়ে । ইয়াৰ উপৰিও মানৱ সৰবৰাহ, যৌন আতিশায্য আৰু শিশু শ্ৰমিক সন্দৰ্ভটো ফোনকল লাভ কৰিছিল মন্ত্ৰালয়ে । ইয়াৰ উপৰিও শিশুৰ বাবে খাদ্য বিচাৰিও বহুসংখ্যক ফোনকল কৰা হৈছিল মন্ত্ৰালয়ৰ এই জৰুৰীকালীন নম্বৰটোত ।

ইউনিচেফৰ প্ৰতিবেদন মতে, বিশ্বৰ ভিতৰতে ভাৰতত সৰ্বাধিক সংখ্যক শিশু কইনা আছে । পৰিসংখ্যা অনুসৰি, ভাৰতত প্ৰতিবছৰে ১৮ বছৰ বয়সৰ তলৰ প্ৰায় ১.৫ লাখ কন্যা শিশু বাল্য বিবাহৰ বলি হয় । দেশৰ ১৫-১৯ বছৰ বয়সৰ ১৬ শতাংশ কন্যা শিশু বৰ্তমানে বিবাহিত । অৱশ্যে দেশত ২০০৫-২০০৬ চনৰ ৪৭ শতাংশৰ পৰা ২০১৫-১৬ চনলৈ এই পৰিসংখ্যা ২৭ শতাংশলৈ হ্ৰাস পায় ।

ABOUT THE AUTHOR

...view details