নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ সামাজিক মাধ্যম (ছচিয়েল মিডিয়া)ত বিভিন্নধৰণৰ বিদ্বেষমুলক আৰু উৰাবাতৰি সম্প্ৰচাৰ ৰোধ কৰিবলৈ ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । লকডাউনৰ সময়ছোৱাত উৰাবাতৰি, ভুৱা তথ্য আৰু সামাজিক মাধ্যমক বিদ্বেষমুলক পোষ্ট কৰাৰ ওপৰত বাধা আৰোপ কৰিছিল আৰক্ষীয়ে । ইয়াক উলংঘণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঝাৰখণ্ড আৰক্ষীয়ে সাৱধানবাণী প্ৰদান কৰিছিল । কিন্তু আৰক্ষীৰ অধিসূচনালৈ আওকাণ কৰি বহুতেই এই নীতি উলংঘণ কৰে । যাৰ ফলত শুকুৰবাৰে ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮৯গৰাকীকৈ লোকক । আৰক্ষী বিভাগৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ।
ছচিয়েল মিডিয়া দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ ৮৯ গৰাকী - ছচিয়েল মিডিয়াত উৰাবাতৰি
কোভিড-১৯ মহামাৰীৰ সময়ত ছচিয়েল মিডিয়াত উৰা-বাতৰিকে ধৰি ষড়যন্ত্ৰমুলক পোষ্ট কৰাৰ বাবে ঝাৰখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৮৯ গৰাকী লোকক ।
ছচিয়েল মিডিয়াল দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ ৮৯ গৰাকী
ৰাজ্য়খনৰ ধানবাদ, পালামাও আৰু গৰহৱা জিলাৰ পৰা সৰ্বাধিকসংখ্যক ৮ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ মুখ্যালয়ে প্ৰকাশ কৰিছে এই তথ্য । উল্লেখ্য যে, ঝাৰখণ্ডত সৰ্বমুঠ ৩৩ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে, ৩ গৰাকীৰ মৃত্যু ঘটিছে ।
Last Updated : Apr 18, 2020, 7:42 PM IST