অসম

assam

ETV Bharat / jagte-raho

তবলিগী জামাতত জড়িত ইণ্ডোনেচিয়ান নাগৰিকক জেললৈ প্ৰেৰণ - উত্তৰ প্ৰদেশ আৰক্ষী

আছুতীয়াকৈ ৰখাৰ পিচতে ৮গৰাকী ইণ্ডোনেচিয়ান নাগৰিকক জেললৈ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

তবলিগি জামাতত জড়িত ইণ্ডোনেচিয়ান নাগৰিকক জেললৈ প্ৰেৰণ
তবলিগি জামাতত জড়িত ইণ্ডোনেচিয়ান নাগৰিকক জেললৈ প্ৰেৰণ

By

Published : Apr 30, 2020, 1:54 PM IST

Updated : Apr 30, 2020, 3:31 PM IST

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ সমগ্ৰ দেশতে মহামাৰী কোভিড-১৯ বিয়পি পৰাত অৰিহনা যোগোৱা তবলিগি জামাতৰ সৈতে জড়িত বিদেশী নাগৰিকক জেললৈ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । বিগত ১ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইকেইজন লোকক ।

দিল্লীত অনুষ্ঠিত হোৱা এই ধৰ্মীয় অনুষ্ঠানত দেশৰ লগতে বিদেশৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল । যাৰ পিচতেই সমগ্ৰ দেশত ভয়ানক হাৰত বৃদ্ধি পাইছিল কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা । আৰক্ষীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা লোকসকলক আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা দিছিল যদিও চৰকাৰ তথা আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বহুতেই পলাই ফুৰিছিল আৰু তাৰ পিচতেই ভয়ানক হাৰত বৃদ্ধি পাইছিল কৰ'ণা ভাইৰাছৰ প্ৰকোপ । আনহাতে আৰক্ষীকে ধৰি স্বাস্থ্য় কৰ্মীৰ ওপৰত আক্ৰমণো সংঘটিত কৰিছিল জামাতীসকলে ।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইণ্ডোনেচিয়াৰ পৰা আহি জামাতত অংশগ্ৰহণ কৰা ৮গৰাকী বিদেশী নাগৰিকক জেললৈ প্ৰেৰণ কৰিছে । মুৰাদাবাদ জিলাৰ উপ-আৰক্ষী অধীক্ষক বিশাল যাদৱে এই কথা প্ৰকাশ কৰিছে । ধৃত জামাতীকেইজনক পৃথকে ৰখাৰ লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত বুধবাৰে এইদৰে জেললৈ প্ৰেৰণ কৰা হয় ।

Last Updated : Apr 30, 2020, 3:31 PM IST

ABOUT THE AUTHOR

...view details