অসম

assam

By

Published : Aug 30, 2020, 9:16 PM IST

ETV Bharat / jagte-raho

ধিঙৰ ৰাণীটাপু চৰত ভূমি বিবাদত 7 জন আহত

ধিঙৰ ৰাণীটাপু চৰত ভূমি বিবাদত আহত সাত জনকৈ লোক । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷

7 Persons Injured By Fighting Case At Nagaon
ধিঙৰ ৰাণীটাপু চৰত ভূমি বিবাদত 7 জন লোক আহত

নগাঁও,30 আগষ্টঃ নগাঁও জিলাৰ ধিঙৰ ৰানীটাপু চৰত ভূমি কেন্দ্ৰিক সংঘাতে ললে ভয়ংকৰ ৰূপ । দুই ফৈদৰ মাজত সংঘটিত সংঘাতত আহত হয় সাত জনকৈ লোক । মকতুল ফৈদ আৰু আব্দুল মতিন নামৰ দুটা ফৈদৰ মাজত সংঘটিত এই সংঘাত ৷ উক্ত ঘটনাটোত আব্দুল মতিনৰে 7 জন লোক আহত হয় । ইফালে গুৰুতৰভাৱে আহত হয় ইক্ৰামুল নামৰ এজন লোক।

ধিঙৰ ৰাণীটাপু চৰত ভূমি বিবাদত 7 জন লোক আহত

ইতিমধ্যে আহত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে । আহত লোকজনৰ পৰিয়ালৰ লোকে মুকতুলৰ বিৰুদ্ধে গুলীচালনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যদিও গুলীচালনা সন্দৰ্ভত এই পৰ্যন্ত নিশ্চিত হোৱা নাই আৰক্ষী। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক- সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰীঃ জালত গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী

ABOUT THE AUTHOR

...view details