বৰপেটাৰোড, 1 ডিচেম্বৰঃ বৰপেটাৰোড আৰক্ষীৰ জালত ডকাইতিৰ সৈতে জড়িত থকা পাঁচটাকৈ দুৰ্বৃত্ত ৷ বিগত 25 নৱেম্বৰত জিলাখনৰ কলহভাঙ্গাৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত এজন ব্যক্তিক ছুৰিকাঘাত কৰি নগদ ধনৰ লগতে মোবাইল কাঢ়ি নিছিল ডকাইতৰ দলটোৱে ৷ ঘটনাৰ সৈতে জড়িত থকা দুৰ্বৃত্তকেইটা হৈছে মইনুল হ’ক (২২), জিয়াৰুল খান (১৯), লালচন্দ আলী (১৮), ফুলচন্দ আলী (২৩) আৰু চায়েদ আলী (২২) বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন