অসম

assam

ETV Bharat / jagte-raho

বিজয়ৱাড়াত বিদেশী নাগৰিকসহ তিনিগৰাকীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ - তিনিগৰাকীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ

মিথিলিন ডাঅক্সি মেথামফেটামিন আৰু গাঞ্জাসহ দুগৰাকী বিদেশী নাগৰিকৰ সৈতে এগৰাকী ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে ৷

বিজয়ৱাড়াত বিদেশী নাগৰিকসহ তিনিগৰাকীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ
বিজয়ৱাড়াত বিদেশী নাগৰিকসহ তিনিগৰাকীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ

By

Published : Jul 11, 2020, 2:27 PM IST

নিউজ ডেস্ক, 11 জুলাই : দুগৰাকী বিদেশী নাগৰিককে ধৰি তিনিগৰাকী লোকক নিষিদ্ধ নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিছে বিজয়বাড়া আৰক্ষীয়ে ৷ আটকাধীন লোককেইজনৰ পৰা 17 গ্ৰাম মিথিলিন ডাঅক্সি মেথামফেটামিন, 150 গ্ৰাম গাঞ্জা, বিটকইনছ, হুক্কাহ আৰু তিনিটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ৷

এক বিশেষ খবৰৰ ভিত্তিতে বিজয়ৱাড়া আৰক্ষীৰ টাস্ক ফৰ্চে অভিযান চলাই পেনামালুৰু আৰক্ষী চকীৰ সমীপৰ পৰাই নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি থকা অৱস্থাত কৰায়ত্ত কৰে ৷

আটকাধীন লোককেইজন ছুডানৰ বাসিন্দা মহম্মদ গাহেল ৰাছুল, টাঞ্জিনিয়াৰ য়না লিচৱা শ্বাবানী আৰু কনেৰু অৰ্জুন বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, অৰ্জুনে বিগত চাৰিবছৰ ধৰি বিজয়ৱাড়াত ড্ৰাগছ বিক্ৰী কৰি আহিছিল ৷ বিদেশী নাগৰিকদুগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে বাংগালোৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি বিজয়ৱাড়াত বিক্ৰী কৰি আহিছিল ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়কঃমানৱ অধিকাৰ ভংগঃ চীনৰ বাবে আন এক বিপদ, আন্তৰ্জাতিক আদালতে চলাব বিচাৰ

ABOUT THE AUTHOR

...view details