অসম

assam

ETV Bharat / jagte-raho

চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা

এজন ৪৫ বছৰীয়া লোকৰ সৈতে বাল্যবিবাহৰ আয়োজন কৰাৰ খবৰ লাভ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ চাইল্ড লাইন আৰু মোৰাঝাৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷

12 YEARS CHILD RECOVERED BY POLICE  AT HOJAI
হোজাইত চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ ১২ বছৰীয়া নাবালিকা

By

Published : Jul 21, 2020, 10:32 PM IST

Updated : Jul 21, 2020, 10:50 PM IST

হোজাই, 21 জুলাইঃ হোজাইৰ জয়নগৰত সংঘটিত হয় এক জঘন্য ঘটনা ৷ পিতৃ-মাতৃয়ে এগৰাকী 12 বছৰীয়া নাবালিকাক এজন বিবাহিত পুৰুষলৈ বিয়া দিয়া প্ৰস্তুতি চলাইছিল ৷ বিবাহিত পুৰুষলৈ নাবালিকাগৰাকীক বিয়া দিয়াৰ চেষ্টা কৰাৰ সময়তে চাইল্ড লাইন আৰু মোৰাঝাৰ আৰক্ষী উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷

চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা

এগৰাকী ১২ বছৰীয়া নাবালিকা কন্যাক এজন ৪৫ বছৰীয়া বিবাহিত লোকৰ সৈতে বাল্যবিবাহৰ আয়োজন কৰাৰ খবৰ লাভ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷ লগে লগে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ,দিপক দেৱনাথ,চাইল্ড লাইন আৰু মোৰাজাৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক ধনেশ্বৰ দাসৰ সহযোগত বন্ধ কৰা হয় বাল্যবিবাহখন ৷

নাবালিকা কন্যাগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয় ৷ জয়নগৰত বাল্যবিবাহখন বন্ধ কৰি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ দলে অঞ্চলটিত ঘৰে ঘৰে সজাগতা সভাৰ আয়োজন কৰে ৷ ১৮ বছৰৰ তলৰ কন্যাক বাল্যবিবাহ নিদি পঢ়া-শুনা কৰাই সুশিক্ষিত কৰিবলৈ সকলোকে আহ্বান জনায় ৷ ইফালে এগৰাকী ১২ বছৰীয়া নাবালিকাৰ সৈতে ৪৫ বছৰীয়া বিবাহিত পুৰুষৰ বাল্যবিবাহ অনুষ্ঠিত কৰা ঘটনাক লৈ অঞ্চলটিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক-ভুৱা পৰিচয়েৰে বিবাহপাশত আবদ্ধ কৰি পত্নীক হত্যা !

Last Updated : Jul 21, 2020, 10:50 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details