নিউজ ডেস্ক, 4 জানুৱাৰী :সীমা সুৰক্ষা বল চমুকৈ BSF য়ে 12 গৰাকী অবৈধ বাংলাদেশী নাগৰিকক ভাৰতীয় সীমা পাৰ হোৱাৰ সময়ত আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক কেইজনক সীমা সুৰক্ষা বাহিনীয়ে পৰৱৰ্তী সময়ত ৰাম নগৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷ আটক কৰা বাংলাদেশী লোক কেইজনক সোমবাৰে ৰাতিপুৱা দুয়োখন দেশৰ এখন বৈঠকৰ অন্তত বাংলাদেশ চৰকাৰৰ হাতত চমজাই দিয়ে ৷
সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি,সীমা সুৰক্ষা বলৰ জোৱানে বাংলাদেশী নাগৰিক কেইজনে ভাৰতীয় সীমা পাৰ হোৱাৰ গোপন তথ্য লাভ কৰিছিল ৷ সেই খবৰৰ ভিত্তিতে আটক কৰিবলৈ সক্ষম হৈছে লোক কেইজনক ৷