অসম

assam

ETV Bharat / jagte-raho

ওদালগুৰিত আৰক্ষীৰ জালত চোৰাং ১১ টা গৰুসহ 3 জন সৰবৰাহকাৰী

মঙলবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত ওদালগুৰিৰ কাহিবাৰীত ১১ টা গৰুসহ 3 জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ধৃত লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

11 Cow With 3 persons Arrested By Police At Udalguri
ওদালগুৰিত আৰক্ষীৰ জালত ১১ টা গৰু সহ 3 জন সৰবৰাহকাৰী

By

Published : Jul 21, 2020, 7:35 PM IST

দৰং, 21 জুলাইঃ ওদালগুৰিত অবৈধ ভাৱে কঢ়িয়াই অনা ১১ টা চোৰাং গৰুসহ 3 জন সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে ৷ ওদালগুৰি আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰিবলৈ সক্ষম হয় গৰু সহ সৰবৰাহকাৰী কেইটাক ৷

ওদালগুৰিত আৰক্ষীৰ জালত ১১ টা গৰু সহ 3 জন সৰবৰাহকাৰী

উল্লেখ্য যে,ওদালগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই ১১ টা গৰুৰ লগতে আটক কৰে ৩ জন লোকক । তাৰোপৰি ধৃত লোক কেইজনৰ পৰা ২২ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ আটকাধীন লোক তিনিজন চালিমুদ্দিন,মফিদুল ইছলাম আৰু কুদ্দুজ আলি ।

তিনিচুকীয়াৰ পৰা খাৰুপেটীয়ালৈ AS-17B-9661 নম্বৰৰ এখন বলে'ৰ পিকাপত কঢ়িয়াই আনিছিল গৰু কেইটা । মঙলবাৰে পুৱা ৬ বজাত ওদালগুৰি থানাৰ আৰক্ষীয়ে কাহিবাৰীত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় গৰু সহ বাহনখন । ইফালে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে পথত কেইবাখনো থানাৰ আৰক্ষীক ধন দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ধৃত লোক কেইজনে। ইফালে জব্দ হোৱা বাহন খন ধুবুৰীৰ জিলাৰ হোৱাক লৈও সৃষ্টি হৈছে ৰহস্যৰ । উক্ত ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত ১৬০/২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক- ভুৱা পৰিচয়েৰে বিবাহপাশত আবদ্ধ কৰি পত্নীক হত্যা !

ABOUT THE AUTHOR

...view details