অসম

assam

ETV Bharat / jagte-raho

গোসাইগাঁৱত আৰক্ষীৰ জালত গৰু সহ তিনি সৰবৰাহকাৰী

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ জৰেশ্বৰৰ পৰা ছয়গাঁও অভিমুখে গৈ থকা অৱস্থাত গোসাইগাঁৱত আৰক্ষীৰ জালত পৰে গৰু সহ তিনি সৰবৰাহকাৰী ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

By

Published : Jul 25, 2020, 7:33 PM IST

11 Cow with 3 persons Arrested By police At Kokrajhar Goshaigaon
গোসাইগাঁৱত আৰক্ষীৰ জালত গৰু সহ তিনি সৰবৰাহকাৰী

কোকৰাঝাৰ, 25 জুলাইঃগোসাইগাঁৱত আৰক্ষীৰ অভিযানত গৰু সহ তিনি চোৰাং গৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ১১ টা গৰু সহ এ এছ ২৫ ই চি-০৫১৯ নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনি গৰু সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত তিনি সৰবৰাহকাৰীৰ নাম আকবৰ আলী(২৫),ছৌকত আলী(২৬) আৰু ৰাকবৰ আলম(২৫) বুলি জানিব পৰাগৈছে ৷

গোসাইগাঁৱত আৰক্ষীৰ জালত গৰু সহ তিনি সৰবৰাহকাৰী

আৰক্ষী সুত্ৰত জানিব পৰা মতে এটা চোৰাং চক্ৰই পশ্চিমবংগৰ পৰা অসমলৈ অবৈধ ভাৱে গৰু সৰবৰাহ কৰিব বুলি আৰক্ষীয়ে খবৰ লাভ কৰে ৷ উক্ত খবৰৰ ভিত্তিত গোসাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু ৰাম বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই পুৱতি নিশা সাপট দলঙৰ ওচৰত নাকা চকীত গৰুসহ ট্ৰাকখনক জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক- সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী

ABOUT THE AUTHOR

...view details