অসম

assam

অভিশপ্ত ২০২৩ : হামাছ ধ্বংসৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ, গাজাত মৃত্যুৰ কিৰিলি

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:13 PM IST

Year Ender 2023: পেলেষ্টাইনীসকলৰ বাবে ২০২৩ চনটো অকল্পনীয় আছিল । গাজাৰ ২০ লাখ লোকৰ ৯০ শতাংশই ঘৰ এৰিবলৈ বাধ্য হৈছিল (Israel Palestine war)। ইজৰাইল হামাছৰ সংঘৰ্ষত এতিয়ালৈ প্ৰায় ২০,০০০ লোকৰ মৃত্যু হৈছে ।

Year ender 2023
হামাছ ধ্বংসৰ প্ৰতিশ্ৰুতি ইজৰাইলৰ, গাজাত মৃত্যুৰ কিৰিলি

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ :বেদখলকলৈয়ে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বহু বছৰ ধৰি সংঘাত চলি আছিল । কিন্তু ২০২৩ চনটো এই সংঘাতৰ আটাইতকৈ ভয়ংকৰ পৰিণাম আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভয়ংকৰ গণহত্যাৰ সাক্ষী হৈছিল সমগ্ৰ বিশ্ব । গাজা ষ্ট্ৰিপক 'পৃথিৱীৰ সৰ্ববৃহৎ মুকলি কাৰাগাৰ' বুলি জনা যায় । পৃথিৱীৰ আটাইতকৈ ঘন বসতিপূৰ্ণ স্থানবোৰৰ ভিতৰত অন্যতম এই গাজা ষ্ট্ৰিপ । ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ৪১ কিলোমিটাৰ আৰু বহল ৬ ৰ পৰা ১২ কিলোমিটাৰ । য'ত প্ৰায় ২০ লাখ লোকে বাস কৰে ।

৭ অক্টোবৰত গাজা ষ্ট্ৰিপৰ শাসকীয় হামাছে ইজৰাইলৰ ওপৰত এক অভূতপূৰ্ব আকস্মিক আক্ৰমণ চলাইছিল । হামাছ সন্ত্ৰাসবাদীসকলে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰিছিল আৰু ধ্বংসলীলা চলাইছিল । একাংশ সশস্ত্ৰ হামাছ কৰ্মীয়ে মটৰ চাইকেলেৰে ইজৰাইলত প্ৰৱেশ কৰিছিল আৰু সৰু চহৰবোৰত বহু লোকক হত্যা কৰিছিল । ভিডিঅ' ফুটেজত দেখা গৈছিল যে তেওঁলোকে ইজৰাইলী নাগৰিকসকলক অপহৰণ কৰি লৈ গৈছিল আৰু তেওঁলোকক গাজা সীমান্তৰ সিপাৰলৈ লৈ যোৱা হৈছিল । পৰৱৰ্তী সময়ত জনা গৈছিল যে হামাছে প্ৰায় ২৪০ গৰাকী লোকক অপহৰণ কৰি লৈ গৈছিল । ইজৰাইলৰ প্ৰতিবেদন অনুসৰি, এই আক্ৰমণৰ ফলত প্ৰায় ১,১৪০ গৰাকী লোকৰ মৃত্যু হৈছিল । তেওঁলোক মুখ্যতঃ সাধাৰণ লোক ।

এই আক্ৰমণৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে যুদ্ধ ঘোষণা কৰে । ইজৰাইলে গাজাত বোমা বিস্ফোৰণ আৰম্ভ কৰে । পৰৱৰ্তী কেইবা সপ্তাহৰ বাবে বিভিন্ন অঞ্চলত আঘাত কৰে আৰু সম্পূৰ্ণৰূপে ঘেৰাও কৰাৰ নিৰ্দেশ দিয়ে । খোৱাপানী, বিদ্যুৎ আৰু খাদ্য যোগান বন্ধ কৰা হয় । ফলত গাজাৰ সমগ্ৰ জনতা বিশেষকৈ ১৮ বছৰৰ তলৰ লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয় । নিম্নতম স্বাস্থ্যসেৱাৰ লগতে চিকিৎসালয়ৰ যোগানো ক্ৰমান্বয়ে হ্ৰাস হয় ।

ইজৰাইলৰ বিমান অভিযান অতি ভয়ংকৰ আছিল আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল । দ্য ইকনমিষ্টৰ এক প্ৰতিবেদন অনুসৰি, ইজৰাইলে গাজাত ২৯,০০০ এয়াৰ-টু-গ্ৰাউণ্ড যুদ্ধাস্ত্ৰ নিক্ষেপ কৰিছিল ।

গাজাৰ বেছিভাগ অংশই বিমান আক্ৰমণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় । ইফালে ইজৰাইলে ২৭ অক্টোবৰত গাজা ষ্ট্ৰিপত বৃহৎ পৰিমাণৰ ভূমি আক্ৰমণ আৰম্ভ কৰে । টেংক, বুলডোজাৰৰ সৈতে আইডিএফ স্থল বাহিনী অঞ্চলটোলৈ আগবাঢ়ি যায় । মিত্ৰশক্তিৰ সমৰ্থনত নেতান্যাহুৱে কৈছিল যে ভূমি আক্ৰমণৰ উদ্দেশ্য আছিল 'হামাছক ধ্বংস কৰা আৰু গাজা ষ্ট্ৰিপৰ শাসকীয় পক্ষক উৎখাত কৰা '। তেওঁ ভূমি আক্ৰমণক হামাছৰ বিৰুদ্ধে যুদ্ধৰ দ্বিতীয় পৰ্যায় বুলি অভিহিত কৰিছিল ।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ইজৰাইলৰ বিমান আক্ৰমণ আৰু স্থল অভিযানত এতিয়ালৈকে ১৯,০০০ ৰো অধিক লোক নিহত হৈছে । অৱশ্যে এই সংখ্যাটো নিশ্চিত নহয়, কিয়নো হাজাৰ হাজাৰ লোক সমগ্ৰ গাজাৰ ধ্বংসস্তূপত আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে । এই যুদ্ধত এতিয়ালৈকে ৫০,০০০ ৰো অধিক লোক আহত হৈছে । গাজাত নিহত সকলৰ প্ৰায় ৭০ শতাংশ মহিলা আৰু শিশু । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ৭ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত প্ৰায় ৪০,০০০ অট্টালিকা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে ।

ইজৰাইলৰ পশ্চিমীয়া মিত্ৰশক্তি যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন আৰু বিভিন্ন ইউৰোপীয় দেশে হামাছ আক্ৰমণক গৰিহণা দিয়ে আৰু তেল আভিভৰ সৈতে একতা প্ৰকাশ কৰি ইয়াৰ 'প্ৰতিৰক্ষাৰ অধিকাৰ' নিশ্চিত কৰে । ইয়াৰ বিপৰীতে, প্ৰতিৰোধ অক্ষৰ সদস্যসহ ইছলামিক দেশসমূহে পেলেষ্টাইনীসকলক সমৰ্থন কৰে ।

আন্তৰ্জাতিক মানৱীয় আইনৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ ইজৰাইলে গাজা ষ্ট্ৰিপৰ স্বাস্থ্যসেৱা সুবিধাসমূহক লক্ষ্য কৰি লৈছিল । ইফালে হাজাৰ হাজাৰ নাগৰিকে পলায়ন কৰি চিকিৎসালয়ত আশ্ৰয় লৈছিল । ইয়াৰ বিপৰীতে ইজৰাইলে চিকিৎসালয়ত বোমা বিস্ফোৰণ কৰে, চিকিৎসক, পেৰামেডিক্স, ৰোগীক হত্যা কৰে, জ্যেষ্ঠ চিকিৎসকসকলক গ্ৰেপ্তাৰ কৰে । লগতে চিকিৎসালয়সমূহ হামাছৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি দাবী কৰে । বিশ্ব স্বাস্থ্য সংস্থাই ১৭ ডিচেম্বৰত মুকলি কৰা শেহতীয়া বিবৃতিত ইজৰাইলী কাৰ্যকলাপক গৰিহণা দিয়ে ।

বিবৃতিত বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কৰ্মচাৰীসকলে স্বাস্থ্য সামগ্ৰী প্ৰদান আৰু সাহায্যৰ পৰিস্থিতি মূল্যাঙ্কন কৰিবলৈ ১৬ ডিচেম্বৰত উত্তৰ গাজাৰ আল-শ্বিফা চিকিৎসালয়লৈ ৰাষ্ট্ৰসংঘৰ এক যুটীয়া অভিযানকাৰী দল প্ৰেৰণ কৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে আল-শ্বিফাৰ জৰুৰীকালীন বিভাগটোক 'তেজৰ পুখুৰী' বুলি বৰ্ণনা কৰিছিল । য'ত শ শ আঘাতপ্ৰাপ্ত ৰোগী আছিল আৰু প্ৰতি মিনিটত নতুন ৰোগী ভৰ্তি হৈছিল । আঘাতপ্ৰাপ্ত ৰোগীসকলক মজিয়াতে পেলাই থোৱা হৈছিল । আনকি চিকিৎসালয়ত ৰোগীসকলক চিকিৎসাৰ পৰ্যাপ্ত সুবিধাও নাছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে কৈছে যে জৰুৰীকালীন বিভাগটো সম্পূৰ্ণ ভৰ্তি হৈ আছিল । ৰোগীৰ ভিৰৰ বাবে মজিয়াত ভৰি থবলৈ ঠাইৰ অভাৱ আছিল । গুৰুতৰভাৱে আহত লোকসকলক অস্ত্ৰোপচাৰৰ বাবে আল-আহলি আৰৱ চিকিৎসালয়লৈ স্থানান্তৰ প্ৰেৰণ কৰা হৈছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই বিবৃতিত উল্লেখ কৰে ।

এসময়ত গাজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্ববৃহৎ ৰেফাৰেল চিকিৎসালয় আল-শ্বিফাত মাত্ৰ কেইজনমান চিকিৎসক আৰু কেইগৰাকীমান নাৰ্চ আছিল । ৭০ জন স্বেচ্ছাসেৱকৰ সৈতে স্বাস্থ্যসেৱা চলি থকা চিকিৎসালয়খনৰ অৱস্থা প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ বুলিও বৰ্ণনা কৰে বিশ্ব স্বাস্থ্য সংস্থাই । বৰ্তমান, আল-আহলি আৰৱ চিকিৎসালয় উত্তৰ গাজাৰ একমাত্ৰ আংশিকভাৱে কাৰ্যক্ষম চিকিৎসালয় হৈ আছে আৰু লগতে ৩ খন সাধাৰণ কাৰ্যকৰী চিকিৎসালয় হৈছে আল-শ্বিফা, আল আওদা আৰু আল চাহাবা চিকিৎসা কমপ্লেক্স ।

ইয়াৰ পাছতে মুখ্যতঃ কাটাৰৰ মধ্যস্থতাত ইজৰাইল আৰু হামাছে ২৪ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ এক সপ্তাহজোৰা যুদ্ধবিৰতিৰ বাবে সন্মত হয় । এই সময়ত হামাছে ৮০ গৰাকী ইজৰাইলীকে ধৰি মুঠ ১০৫ গৰাকী বন্দীক মুকলি কৰি দিয়ে । আনহাতে ইজৰাইলে ১০৭ টা শিশুসহ ২৪০ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰে । মুকলি বেছিভাগ পেলেষ্টাইনীক কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হোৱা নাছিল ।

যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ লগে লগে ইজৰাইলে গাজাত পুনৰ বোমা বিস্ফোৰণ আৰম্ভ কৰে আৰু প্ৰথম ২৪ ঘণ্টাত প্ৰায় ২০০ গৰাকী লোক নিহত হয় । কাটাৰ আৰু ইজিপ্তে যুদ্ধবিৰতি পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে যদিও ইজৰাইলে হামাছক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতিত স্থিৰ হৈ আছে ।

ইয়াৰ মাজতে, ৮ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে (ইউএনএছচি) গাজাত যুদ্ধবিৰতিৰ আহ্বান জনোৱা এক প্ৰস্তাৱ গ্ৰহণ কৰাত ব্যৰ্থ হয় । ১৩ সদস্যই সপক্ষে ভোট দিছিল । আমেৰিকাই বিপক্ষে ভোট দিয়ে আৰু ব্ৰিটেইন ভোটদানৰ পৰা বিৰত থাকে ।

যুদ্ধবিৰতিৰ আহ্বান বিফল হোৱাৰ লগে লগে আইডিএফয়ে ভুলবশতঃ ৩ গৰাকী ইজৰাইলী বন্দীক হত্যা কৰে । ফলত ইজৰাইলৰ মিত্ৰশক্তিৰ মাজত অস্থিৰতাই দেখা দিয়ে ।

লগতে পঢ়ক :গাজা যুদ্ধ: যুদ্ধবিৰতিৰ নতুন আহ্বানৰ সন্মুখীন ইজৰাইল

ABOUT THE AUTHOR

...view details