ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ :ইজৰাইল আৰু পেলেস্তাইনী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে । প্ৰতিৰক্ষা বাহিনীৰ মতে যুদ্ধৰ আৰম্ভণিৰ পৰা এতিয়ালৈ পেলেস্তাইনী সন্ত্ৰাসবাদীৰ প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ আৰু মিচফায়াৰ ধৰা পেলাইছে ।
সন্ত্ৰাসবাদী সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ বাসিন্দাসকলক মানৱ ঢাল আৰু অসামৰিক আন্তঃগাঁথনিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । যুদ্ধৰ আৰম্ভণিৰ পৰা প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা নিক্ষেপ কৰা প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ চিনাক্ত কৰিছে । ইফালে গাজাৰ পৰা উৎক্ষেপণ কৰা ৰকেট বেৰেজৰ ফুটেজো মুকলি কৰে প্ৰতিৰক্ষা বাহিনীয়ে য'ত কেইবাটাও ৰকেট গাজা ষ্ট্ৰিপত আঘাত কৰা দেখা গৈছে ।
সন্ত্ৰাসবাদীয়ে দক্ষিণ আৰু মধ্য ইজৰাইলত প্ৰচণ্ড ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে । তাৰ মাজতে যোৱা মঙলবাৰে নিশা মিচফায়াৰ কৰা পেলেস্তাইনী ইছলামিক জিহাদৰ এটা ৰকেটে উত্তৰ গাজাৰ আল আহলি চিকিৎসালয়ত আঘাত কৰে বুলি দাবী কৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে । ইফালে ৰকেট আক্ৰমণৰ ফলত ৰিচন লেটজিয়ন, পেটাচ টিকভাহ, বিনেই ব্ৰেক, ৰামাত গান বাট য়াম আৰু অন্যান্য অঞ্চলত আতংকই বিৰাজ কৰিছে ।