অসম

assam

ETV Bharat / international

ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয়সকলৰ ৰাণীৰ মৃত্যুত শোক প্ৰকাশ - Queen Elizabeth II coffin in Westminster Hall

অনবৰতে ব্যস্ত আৰু আনন্দমুখৰ হৈ থকা ব্ৰিটিছৰাজৰ সংসদীয় সম্পত্তিৰ আটাইতকৈ পুৰণি ভৱনটোও যেন এতিয়া শোকত মৰ্মাহত । বহু ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ থকা এই 11 শতিকাৰ ভৱনটোৱে যেন নীৰৱে চকুলো টুকিছে (Queen Elizabeth II died) ।

Queen Elizabeth II
Queen Elizabeth II

By

Published : Sep 16, 2022, 1:23 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ :লণ্ডনৰ 900 বছৰ পুৰণি ৱেষ্টমিনষ্টাৰ হলত সাধাৰণতে থকা হুলস্থুলীয়া পৰিৱেশৰ পৰিৱৰ্তে বৰ্তমান কেৱল মৌনতা আৰু বিমৰ্ষতাই বিৰাজ কৰিছে (Queen Elizabeth II died) । অনবৰতে প্ৰতিধ্বনিত হৈ থকা কলৰৱৰ পৰিৱৰ্তে এতিয়া তাত নীৰৱতা । কিয়নো তাত আছে ৰাণী দ্বিতীয় এলিজাবেথৰ কফিন । তালৈ এতিয়া হাজাৰ হাজাৰ লোকৰ লানি নিছিগা শাৰী ।

তেওঁলোক গৈছে ইংলেণ্ডৰ ইতিহাসৰ সৰ্বাধিক সময়ৰ ৰাণী দ্বিতীয় এলিজাবেথক অন্তিম দৰ্শন আৰু শ্ৰদ্ধা জনাবলৈ । হাজাৰ হাজাৰ ৰাণীৰ অনুৰাগীয়ে গৈ তাত শোক প্ৰকাশ কৰিছে । একেদৰে ৰাণীক অন্তিম বিদায় জনাবলৈ তালৈ গৈছে প্ৰৱাসী ভাৰতীয়সকলো (Indian diaspora in UK mourns the Queen) । অনবৰতে ব্যস্ত আৰু আনন্দমুখৰ হৈ থকা ব্ৰিটিছৰাজৰ সংসদীয় সম্পত্তিৰ আটাইতকৈ পুৰণি ভৱনটোও যেন এতিয়া শোকত মৰ্মাহত । বহু ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ থকা এই 11 শতিকাৰ ভৱনটোৱে যেন নীৰৱে চকুলো টুকিছে (Queen Elizabeth II coffin in Westminster Hall) ।

ৰাণীক অন্তিম শ্ৰদ্ধা জনাবলৈ যোৱা শোকাহত লোকসকলে পাঁচৰ পৰা আঠ ঘণ্টা সময় থিয় হৈ অপেক্ষা কৰিবলগা হৈছে । কিয়নো ৰাণীৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ যোৱা লোকৰ সংখ্যা ইমানেই বেছি যে 5 কিলোমিটাৰতকৈ অধিক দীঘলীয়া শাৰীত তেওঁলোকে অপেক্ষা কৰিবলগা হৈছে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতি থকা লোকসকলৰ ভিতৰত আছে বৃদ্ধৰ পৰা কোলাত কেঁচুৱা লৈ থকা মাতৃলৈকে । আনকি কিছুমান আহিছে আকৌ হুইলচেয়াৰত বহিও ।

ৰাণীক হেৰুৱাই শোকাভিভূত হোৱা ব্ৰিটেইনবাসীৰ মুখৰ ভাষাত, "আমি মহাৰাণীক ভাল পাইছিলোঁ আৰু পৃথিৱীয়ে তেওঁক ভাল পাইছিল । তেওঁ কোৱাৰ দৰে, প্ৰেমৰ মূল্য হৈছে দুখ ।" আনহাতে, ব্ৰিটিছ ভাৰতীয় সহকৰ্মী আৰু কোব্ৰা বিয়েৰৰ প্ৰতিষ্ঠাপক লৰ্ড কৰণ বিলিমৰিয়াই কয়, "আমি দুখিত ।"

উল্লেখ্য, বৃহস্পতিবাৰে বাকিংহাম পেলেচে ঘোষণা কৰে যে সোমবাৰে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত এক ঘণ্টাজোৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ দ্বাৰা ৰাষ্ট্ৰীয় মৰ্যাদাৰে ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । উক্ত অনুষ্ঠানৰ সমাপ্তিত ৰাণী দ্বিতীয় এলিজাবেথক তেওঁৰ প্ৰয়াত স্বামী প্ৰিন্স ফিলিপৰ কাষতে সমাধিস্থ কৰা হ'ব (Queen Elizabeth II to be buried with husband Philip) । উল্লেখ্য, ব্ৰিটেইনৰ আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা ৰাণীৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১ বজাত আৰম্ভ হ'ব আৰু দুই মিনিটৰ ৰাষ্ট্ৰীয় মৌনতাৰে সমাপ্ত হ'ব (Queen Elizabeth II funeral ceremony) ।

লগতে পঢ়ক :স্বামীৰ সৈতে সমাধিস্থ কৰা হ'ব ৰাণী দ্বিতীয় এলিজাবেথক

ABOUT THE AUTHOR

...view details