আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 17 অক্টোবৰ : যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপত এমুঠি অন্নৰ বাবে হাহাকাৰ আৱাসীৰ ৷ গাজাৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত আছে ৷ এই যুদ্ধই ইতিমধ্যে 9 দিনত ভৰি দিছে । আনহাতে ইজৰাইলৰ সমান্তৰালকে হামাছ উগ্ৰপন্থীয়ে ইজৰাইল-লেবানন সীমান্তত ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ৷
এতিয়া ইজাইলৰ আক্ৰমণত সৰ্বস্ব হেৰুওৱা পেলেষ্টাইনীবাসীৱে এসাঁজ এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ইয়াৰোপৰি যোৱা 15 অক্টোবৰতেই গাজাৰ চিকিৎসালয়সমূহত ইন্ধন শেষ হোৱাৰ উপক্ৰম ঘটিছে বুলি চিকিৎসকসকলে সতৰ্কবাণী জাৰি কৰিছিল ৷ অচিৰেই চিকিৎসায়লসমূহত বিদ্যুৎ কৰ্তন হোৱাৰ সম্ভাৱনা অধিক ৷ ফলত ৰোগীসমূহৰ চিকিৎসাক লৈ চিন্তিত হৈ পৰিছে চিকিৎসকল ৷
ইতিমধ্য গাজা-ইজিপ্তৰ সীমান্তত সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ যাতায়ত নিষ্ক্ৰিয় হৈ পৰিছে ৷ ইয়াৰ পিচতে আৱাসী আৰু মানৱ দৰদী গোটসমূহে সোমবাৰে জেনেৰেটৰৰ বাবে পানী, লোকসকলৰ বাবে খাদ্য আৰু ইন্ধন যোগানৰ বাবে অনুৰোধ জনায় ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে বুধবাৰে ইজৰাইলক হোৱাইট হাউচৰ সমৰ্থনৰ সংকেত দি আৰৱ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ইজৰাইল ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে ৷
ইজৰাইলে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰৱেশ বন্ধ কৰাৰ এসপ্তাহৰ পিচতেই সকলোৰে দৃষ্টি নিৱদ্ধ আছিল ইজিপ্ত আৰু গাজাৰ একমাত্ৰ সংযোগীস্থল ৰাফা ক্ৰছিঙৰ ওপৰত ৷ যুদ্ধবিধ্বস্ত দুয়োখন দেশৰ মধ্যস্থতাকাৰীসকলে আৱদ্ধ কৰি ৰখা বিদেশী লোকসকলক এৰি দিয়াৰ চৰ্তৰে যুদ্ধবিৰতিত সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰিছিল, কিন্তু সেয়া সফল নহ’ল ৷ তাৰ পিচতে ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত বিগত সপ্তাহত ৰাফা ক্ৰছিং বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৷