ইন্টাৰনেশ্যনেল ডেস্ক,১১ জুলাই: মহাকাব্য ৰামায়ণত ৰামৰ ভাষাত 'স্বৰ্ণনগৰী লংকা'ৰ নাগৰিকে বৰ্তমান সময়ত এক ব্যাপক আভ্যন্তৰীণ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতা আৰু আৰ্থিক জৰুৰী অৱস্থাৰ সন্মূখীন হৈ হাহাকাৰ কৰিব লগীয়া হৈছে (Sri Lanka crisis eexolainer) । কিন্তু দুটামান বছৰৰ আগলৈকে এটা প্ৰায় সুস্থিৰ অৰ্থনীতি বহন কৰা দেশখনৰ ক্ষেত্ৰত এনে কি হ’ল যে এনে অৱস্থা পালেহি ? তাৰ জনগণে নিজৰ এটি এটি সৰু সৰু মৌলিক প্ৰয়োজন যোগাৰৰ বাবে অক্ষম হৈ ৰাজপথলৈ ওলাই আহি দেশত চৰকাৰ বিৰোধী স্থিতিৰে এক অত্যাধিক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিব লগীয়া হৈছে । কি হ'ল শ্ৰীলংকাৰ? (Sri Lanka economy collapse explainer)
দেউলীয়া হৈ পৰিল শ্ৰীলংকা । খাদ্য-ইন্ধন ক্ৰয় কৰিবলৈ সামৰ্থ হেৰুৱাইছে শ্ৰীলংকাই(Srilanka shortages of fuel gas electricity and food) । ঋণত পোত যোৱা শ্ৰীলংকাৰ অৰ্থনীতিয়ে হৰিছে বিশ্ববাসীৰ দৃষ্টি(Srilanka debt-laden economy has collapsed) । খাদ্য সংকটত ভোগা জনতাৰ প্ৰতিবাদত সেও মানিলে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে । ইন্ধন ক্ৰয় কৰিবলৈকো ঘন্টাৰ পিছত ঘন্টা পাতিবলগীয়া হৈছে শাৰী ।
এখন দেশৰ এনে সংকট নিশ্চয় অতি গুৰুত্বপূৰ্ণ । কিয়নো দেশখনে বহন কৰিছে ৫১ বিলিয়ন ডলাৰ ঋণ । যি ঋণৰ সুত পৰিশোধ কৰিবলৈও অক্ষম শ্ৰীলংকা । ২০১৯ চনত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মহামাৰী আৰু সুৰক্ষা সম্পৰ্কীয় উদ্বেগৰ বাবে পৰ্যটন উদ্যোগৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিন যেন বিকল হৈ পৰিল । যাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক মূদ্ৰা ৮০ শতাংশ হ্ৰাস পাইছে । এনে হোৱাৰ ফলত আমদানি অধিক ব্যয়বহুল হৈ বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰ হৈ মুদ্ৰাস্ফীতিৰ অধিক অৱনতি ঘটিছে । চৰকাৰী তথ্য অনুসৰি খাদ্যৰ বাবে ব্যয়ৰ পৰিমাণ প্ৰায় ৫৭ শতাংশ হৈছেগৈ ।
দেশখনৰ বৰ্তমান গেছ'লিন, গাখীৰ, ৰন্ধন গেছ আনকি টয়লেট পেপাৰ আমদানি কৰিবলৈকো নাই কোনো পুঁজি । ৰাজনৈতিক দুৰ্নীতিয়ে গ্ৰাস কৰা শ্ৰীলংকাক বৰ বেয়াকৈ কোঙা কৰি তুলিলে । দুৰ্নীতিৰ পাকচক্ৰত দেশখনৰ সম্পদৰ অপচয়ৰ লগতে বিত্তীয় ব্যৱস্থাতোকো জটিল কৰি তুলিলে । ইয়াক লৈ বিশ্বজুৰি চলিছে এক সৰৱ চৰ্চা । ৱাশ্বিংটনৰ চেণ্টাৰ ফৰ গ্লোবেল ডেভেলপমেণ্টৰ এজন পলিচী ফেলো তথা অৰ্থনীতিবিদ অনিত মুখাৰ্জীয়ে কয় যে বৰ্তমান IMF বা বিশ্ব বেংকে বৰ্তমান কঠোৰ চৰ্তৰে সহায় আগবঢ়াব লাগে যাতে এই সাহায্য পুনৰ অপৰিচালিত নহয় । বিশ্বৰ অন্যতম ব্যস্ত জাহাজ চলাচল পথত অৱস্থিত দেশখনক এনেদৰে ধ্বংস হ'বলৈ দিয়াটো উচিত নহয় বুলি উল্লেখ কৰে অৰ্থনীতিবিদগৰাকীয়ে ।
এই অৰ্থনৈতিক অচলাৱস্থাই বেয়াকৈ প্ৰভাৱিত কৰিছে শ্ৰীলংকাৰ জনসাধাৰণক । গ্ৰীষ্মমণ্ডলীয় শ্ৰীলংকাত সাধাৰণতে খাদ্যৰ অভাৱ নহয় । কিন্তু বৰ্তমান ভোকত কঁপিছে শ্ৰীলংকাৰ জনসাধাৰণ । ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীয়ে কয় যে প্ৰতি ১০ টা পৰিয়ালে বাদ দিছে খোৱাবোৱা । আনহাতে ৩ নিযুত লোকে লাভ কৰিছে জৰুৰীকালীন মানৱীয় সাহায্য । চিকিৎসকসকলে সঁজুলি আৰু ঔষধৰ যোগান ধৰাৰ চেষ্টা কৰিবলৈ সামাজিক মাধ্যমৰ আশ্ৰয় লৈছে ।
বৰ্ধিত জনসংখ্যা দেশখনৰ অৰ্থনৈতিক সংকটৰ অন্য এক কাৰণ । সেয়েহে এতিয়া দেশখনৰ জনতাই কামৰ সন্ধানত বিদেশলৈ যাবলৈ পাছপৰ্ট বিচাৰি হায়ৰাণ হৈ পৰিছে । চৰকাৰী কৰ্মীসকলক তেওঁলোকৰ নিজৰ খাদ্য যোগাৰৰ বাবে তিনি মাহৰ বাবে অতিৰিক্ত দিনৰ ছুটি ঘোষণা কৰিছে ।
কিয় হ'বলৈ পালে এই অৰ্থনৈতিক সংকট । তাক লৈয়ো পোহৰলৈ আহিছে আন কিছু নতন নতুন তথ্য । অৰ্থনীতিবিদসকলে কৈছে যে এই সংকট কিছু ঘৰুৱা কাৰকৰ বাবেই এই অৰ্থনৈতিক দুৰ্নীতিয়ে প্ৰইছে ৰাষ্ট্ৰপতি ৰাজপাক্ষে আৰু তেওঁৰ ভাতৃ, প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ওপৰত কেন্দ্ৰীভূত হৈছে। । ৰাইজৰ বেছিভাগৰে খঙ ৰাষ্ট্ৰপতি ৰাজপাক্ষে আৰু তেওঁৰ ভাতৃ, প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ওপৰত কেন্দ্ৰীভূত হৈছে ।