ইণ্টাৰনেশ্যনেল ডেস্ক,২ জুন :আমেৰিকাত শেহতীয়াকৈ গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে (Shooting incident increased in America)। যোৱা সপ্তাহত উভালদে টেক্সাছৰ ৰব প্ৰাথমিক বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল য'ত ১৯ গৰাকী শিশুসহ কেইবাজনো লোক নিহত হৈছিল । ইফালে মঙলবাৰে নিউ অৰলিন্সত এখন বিদ্যালয়ৰ স্নাতক সমাৰোহত গুলীচালনাৰ ঘটনা সংঘটিত হয় য'ত এগৰাকী বৃদ্ধ মহিলা নিহত হয় আৰু আন দুজন লোক আহত হয় । এইবাৰ এখন চিকিৎসালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ ।
বুধবাৰে চেইণ্ট ফ্ৰান্সিছ চিকিৎসালয় চৌহদত হোৱা এই গুলীচালনাত আক্ৰমণকাৰী শ্বুটাৰসহ ৪ জন লোক নিহত হয় (Hospital campus shooting in Tulsa)। টুলচা আৰক্ষীয়ে জনোৱা মতে হাস্পতালখনৰ চৌহদৰ চিকিৎসকৰ কাৰ্যালয় ভৱন নাটালি মেডিকেল অট্টালিকাৰ ৰাইফলৰে সজ্জিত এজন ব্যক্তিৰ প্ৰৱেশৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে অভিযান চলাইছিল । ইফালে গুলীচালনাৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে দেশখনৰ নাগৰিকসকল শংকিত হোৱা দেখা গৈছে ।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনকো টুলচা চহৰৰ চিকিৎসালয়ত সংঘটিত গুলীচালনাৰ বিষয়ে অৱগত কৰোৱা হৈছে । ইয়াৰ পাছতে হোৱাইট হাউচে বিবৃতিযোগে কয় যে সমগ্ৰ ঘটনা সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে (White House monitoring situation of hospital campus shooting in Tulsa)। ৰাজ্যিক তথা স্থানীয় বিষয়াসকলক সকলো ফালৰ পৰা সমৰ্থন আগবঢ়াবলৈও সাজু হৈছে হোৱাইট হাউচ ।