ইণ্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্ট:মঙলবাৰে হোৱাইট হাউছে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে বিশ্বজুৰি অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে “জি-20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতাক পুনৰ দৃঢ় কৰিব” আৰু ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ সামাজিক প্ৰভাৱকে ধৰি একাধিক বিষয়ৰ ওপৰতো বক্তব্য আগবঢ়াব । হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷
ৰাষ্ট্ৰপতিৰ সূচী ঘোষণা কৰি পিয়েৰে কয় যে বাইডেনে “নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত 10 ছেপ্টেম্বৰত ভিয়েটনামৰ হানয়লৈ যাত্ৰা কৰিব ।” ৰাষ্ট্ৰপতি বাইডেনে জি-20 ত সফলতা লাভ কৰিবলৈ আশা কৰা লক্ষ্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত হোৱাইট হাউছৰ প্ৰেছ সচিবগৰাকীয়ে কয় যে, “ৰাষ্ট্ৰপতি বাইডেনে বিশ্বজুৰি অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান মঞ্চ হিচাপে জি-20 ৰ প্ৰতি আমেৰিকাৰ দায়ৱদ্ধতাক পুনৰ দৃঢ় কৰিব ।”
ৰাষ্ট্ৰপতি বাইডেনে “স্বচ্ছ শক্তিৰ পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি ইউক্ৰেইনত ৰাছিয়া যুদ্ধৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ লাঘৱ কৰালৈকে, বহুপক্ষীয় উন্নয়ন বেংকসমূহৰ সামৰ্থ বৃদ্ধিলৈকে বিশ্বৰ সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে একাধিক যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব ৷ লগতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সমগ্ৰ বিশ্বৰ দেশসমূহক জুৰুলা কৰা উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ মষিমূৰ কৰিবলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভতো আলোচনা কৰা হ’ব ।”