ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ সকলো ক্ষমতা ব্যৱহাৰ কৰিব ইজৰাইলে ৷ এই কথা উল্লেখ কৰে প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে ৷ উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ অন্ত পৰাৰ পিছত পুনৰ শত্ৰুতা আৰম্ভ হোৱাৰ সময়তে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰিব বুলি দৃঢ়তাৰে কয় ৷ ইয়াৰোপৰি, দেশখনে সাতদিনীয়া যুদ্ধ বিৰতি যুদ্ধৰ 'প্ৰস্তুতি বৃদ্ধি' কৰিবলৈহে জাৰি কৰিছিল বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে ।
প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয়, "আমি উত্তৰ গাজাত তেওঁলোকৰ বিৰুদ্ধে অভিযান চলালো । আমি এতিয়া দক্ষিণ গাজাতো হামাছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছো ৷ আমি হামাছৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপ আৰু আন্তঃগাঁথনিৰ বিৰুদ্ধে সৰ্বাধিক শক্তি প্ৰয়োগ কৰিম আৰু লগতে হামাছে তেওঁলোকৰ চাৰিওফালে ঢাল হিচাপে ৰখা সাধাৰণ নাগৰিকৰ ক্ষতি কমকৈ কৰিম । আমাৰ বাহিনীয়ে সাত দিনৰ বিৰতিৰ সময়ত যুদ্ধজনিত প্ৰস্তুতি বৃদ্ধি, চোৰাংচোৱা তথ্য পৰ্যালোচনা আৰু কাৰ্যকৰী পদ্ধতি আদি নিৰীক্ষণ কৰিছিল । আমি এই নতুন পৰ্যায়ৰ যুদ্ধৰ বাবে শিকি অহা শিক্ষা ৰূপায়ণ কৰিছো আৰু স্থলভাগত আমাৰ অভিযানৰ দক্ষতা আৰু নিখুঁততা উন্নত কৰিছো ।"