ইণ্টাৰনেশ্যনেল ডেস্ক,৩১ অক্টোবৰ :পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছক পুনৰ এবাৰ সকীয়নি দিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে । হামাছক সম্পূৰ্ণ ধ্বংস কৰাৰ অভিপ্ৰায় পুনৰ এবাৰ স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । মঙলবাৰে বিদেশী সংবাদ মাধ্যমলৈ এক বিবৃতি জাৰি কৰি তেওঁ কয় যে হামাছৰ সামৰিক আৰু শাসনৰ ক্ষমতা ধ্বংস কৰাৰ লক্ষ্যৰে যুদ্ধ অব্যাহত আছে । তেওঁ দাবী কৰা মতে ইজৰাইলে প্ৰণালীবদ্ধভাৱে ইয়াক সম্পাদন কৰি আছে ।
বৈঠকৰ আৰম্ভণিতে তেওঁ কয় যে ইজৰাইলে যুদ্ধ অব্যাহত ৰাখিছে । হামাছক ধ্বংস কৰাৰ এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয় যে নেতানিয়াহুৰ নিৰ্দেশনা অনুসৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ সম্প্ৰসাৰিত কৰিছে ।
বিবৃতি অনুসৰি ইজৰাইলে অৱৰোধ পৰ্যায় সম্পন্ন কৰিছে । দ্বিতীয় পৰ্যায়ত বিমান আক্ৰমণ চলাই আছে । প্ৰধানমন্ত্ৰীৰ মতে ইয়াৰ লগে লগে আক্ৰমণৰ তৃতীয় পৰ্যায়ো আৰম্ভ হৈছে । তেওঁ দাবী কৰা মতে সামৰিক বাহিনীয়ে গাজা ষ্ট্ৰিপৰ ভিতৰত স্থল আক্ৰমণ তীব্ৰতৰ কৰিছে । ইজৰাইলে শক্তিশালী, প্ৰণালীবদ্ধ পদক্ষেপ গ্ৰহণ কৰি ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিছে । আমেৰিকাৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে ।
তেওঁ কোৱা মতে ইজৰাইলে উত্তৰ দিশত সক্ৰিয় প্ৰতিৰোধৰ বাবে কাম কৰি আছে । হামাছক তীব্ৰ সকীয়নি প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদি হামাছ ইজৰাইলৰ অভিযানত হস্তক্ষেপৰ সিদ্ধান্ত লয় । তেনেহ'লে সেয়া অতি ভুল হ'ব । হামাছে কল্পনা কৰিব নোৱাৰা ধৰণে আচৰিত হ'ব বুলিও দাবী কৰে । নেতান্য়াহুৱে কয় যে ইজৰাইলে বন্দীসকলক মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁ জোৰ দিছে যে অভিযানটোত সময়ৰ প্ৰয়োজন হ'ব । অৱশেষত হামাছ পৰাজিত হ'ব বুলিও তেওঁ দাবী কৰে ।
লগতে পঢ়ক :Israeli Gaza war: যুদ্ধবিৰতিৰ বাবে সন্মত নহয় ইজৰাইল