ইণ্টাৰনেশ্যনেল ডেস্ক,১ জুলাই :চতুৰ্থ দিনাও ফ্ৰান্সত অব্যাহত আছে অস্থিৰতা । ঠায়ে ঠায়ে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে । আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত ওলাই অহা একাংশ লোকে বাহন আৰু অট্টালিকাত অগ্নিসংযোগ কৰিছে । পেৰিছৰ পৰা আৰম্ভ হোৱা এই পৰিস্থিতিয়ে এতিয়া ফ্ৰান্সৰ কেৰিবিয়ান অঞ্চলসমূহতো বিয়পি পৰিছে । মঙলবাৰে পেৰিছত আৰক্ষীৰ গুলীত এজন কিশোৰৰ মৃত্যুৰ পাছতে পেৰিছত উত্তেজনাৰ আৰম্ভ হৈছে । ৰাজপথত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
প্ৰতিবাদৰ সমান্তৰালকৈ ঠায়ে ঠায়ে অগ্নিসংযোগ আৰু আতচবাজী কৰিছে প্ৰতিবাদকাৰীসকলে । যান-বাহন আইন উলংঘন কৰাৰ বাবে কিশোৰজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছিল । ইফালে অভিযুক্ত আৰক্ষীগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । কিশোৰজনৰ মৃত্যুৰ পাছতে ফ্ৰান্সৰ গিয়ানাত পৰিস্থিতি আটাইতকৈ ভয়ংকৰ হৈ পৰিছে ।
উল্লেখ্য যে নাহেল নামৰ কিশোৰজনক কেনেদৰে আৰক্ষীয়ে গুলীয়াইছিল সেই সকলো দৃশ্য কেমেৰাত বন্দী হৈছিল । সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ফ্ৰান্সত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । দেশখনৰ সাধাৰণ নাগৰিকসকলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ আইনৰ সংশোধনৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।