ইন্টাৰনেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ :ইজৰাইল আৰু হামাছৰ মাজত চলা যুদ্ধ বন্ধ হোৱাটো নিবিচাৰে নেকি আমেৰিকাই ! ইজৰাইল-হামাছৰ যুদ্ধক লৈ দুটা ভাগত বিভক্ত বিশ্ব ৷ ইফালে গাজা ষ্ট্ৰিপত বসবাস কৰা সাধাৰণ লোকৰ অৱস্থা দিনক দিনে জটিলৰ পৰা অধিক জটিল দিশে গতি কৰিছে ৷
দুই পক্ষৰ মাজত হোৱা যুদ্ধত গাজাত ষ্ট্ৰিপত বিস্তৰ ক্ষতি হৈছে ৷ ইজৰাইলে গাজাত বিভিন্ন স্থানত চলোৱা আক্ৰমণত হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সেয়ে সাধাৰণ নাগৰিকৰ অৱস্থা দেখি বিশ্ববাসী শংকিত ৷ দুয়ো পক্ষকে যুদ্ধৰ পৰা বিৰত থাকিবলৈ বিশ্ববাসীয়ে আহ্বান জনাইছে ৷ আনফালে নিৰপেক্ষ স্থানত অৱস্থান কৰা আমেৰিকাই বন্ধু ৰাষ্ট্ৰ ইজৰাইলক যুদ্ধ সমাপ্তি কৰাৰ বাবে সৈমান কৰাব পৰা নাই ৷
বুধবাৰে ইজৰাইল-হামাছৰ যুদ্ধ সমাপ্তি ঘটোৱা, ইজৰাইলে কৰা অৱৰোধ প্ৰত্যাহাৰ কৰা আৰু গাজা ষ্ট্ৰিপত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ আৰু সাহায্যৰ প্ৰদানৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ উক্ত প্ৰস্তাৱত ভোটদান কৰাত আমেৰিকাই বিলম্ব ঘটায় বুলি বাতৰি প্ৰকাশ পাইছে ৷ উল্লেখ্য যে, সপ্তাহটোত তৃতীয়বাৰলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপিত হৈছিল এই প্ৰস্তাৱ ৷