ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ :আমেৰিকাই শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ এক প্ৰস্তাৱত ভেটো প্ৰদান কৰে । এই প্ৰস্তাৱত নিৰাপত্তা পৰিষদৰ প্ৰায় সকলো সদস্য আৰু আন বহু ৰাষ্ট্ৰই গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবী জনাইছিল । আনহাতে, আমেৰিকাৰ এই পদক্ষেপক প্ৰস্তাৱটোৰ সমৰ্থকসকলে এক ভয়ংকৰ দিন বুলি অভিহিত কৰে আৰু যুদ্ধ তৃতীয় মাহলৈ আগবঢ়াৰ লগে লগে অধিক অসামৰিক লোকৰ মৃত্যু আৰু ধ্বংসৰ সতৰ্কবাণীও দিয়ে ।
উল্লেখ্য যে ১৫ সদস্যৰ নিৰাপত্তা পৰিষদত ভোটদান আছিল ১৩-১ । আনহাতে, ব্ৰিটেইনে ইয়াত ভোটদানৰ পৰা বিৰত থাকে । ইফালে আমেৰিকাৰ উপ-ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে ইজৰাইলৰ ওপৰত হামাছৰ ৭ অক্টোবৰৰ আক্ৰমণক গৰিহণা দিয়াত ব্যৰ্থ হোৱাৰ বাবে ভোটদানৰ পিছত নিৰাপত্তা পৰিষদক সমালোচনা কৰে । উল্লেখ্য যে হামাছৰ আক্ৰমণত ইজৰাইলত প্ৰায় ১,২০০ লোক নিহত হৈছিল আৰু ইয়াৰে বেছিভাগ সাধাৰণ লোক । ইয়াৰ উপৰি ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰ অস্বীকাৰ কৰাৰ বাবেও উডে নিৰাপত্তা পৰিষদক সমালোচনা কৰে । তেওঁ লগতে কয় যে সামৰিক পদক্ষেপ বন্ধ কৰিলে হামাছে গাজা শাসন অব্যাহত ৰাখিব আৰু পৰৱৰ্তী যুদ্ধৰ বাবে বীজ ৰোপণ কৰিব ।
ভোটদানৰ পূৰ্বে উডে কয়, "এক দীৰ্ঘম্যাদী শান্তি আৰু দ্বি-ৰাষ্ট্ৰীয় সমাধান চাবলৈ হামাছৰ কোনো ইচ্ছা নাই ।" সেই কাৰণে যদিও আমেৰিকাই এক দীৰ্ঘম্যাদী শান্তি সমৰ্থন কৰে, য'ত ইজৰাইলী আৰু পেলেষ্টাইনী উভয়ে শান্তি আৰু নিৰাপত্তাৰে বাস কৰিব পাৰে, তথাপি আমি তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান সমৰ্থন নকৰোঁ ।