ইণ্টাৰনেশ্যনেল ডেস্ক,১০ মে':পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পাছতে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে (Imran Khan arrested)। ঠায়ে ঠায়ে ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । বহু স্থানত আকৌ এই প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে (Protest in Pakistan)। তেনে এক পৰিস্থিতিৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাই পাকিস্তানত থকা তেওঁলোকৰ নাগৰিক আৰু কূটনৈতিক কৰ্মচাৰীৰ বাবে বিশেষ ভ্ৰমণৰ পৰামৰ্শ জাৰি কৰিছে । ৰাজনৈতিক অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিওখন দেশে তেওঁলোকৰ নাগৰিকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।
পাকিস্তানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে আমেৰিকানসকলৰ বাবে ভ্ৰমণৰ সতৰ্কতা ঘোষণা কৰিছে (US travel advisories for citizens in Pakistan)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে জাৰি কৰা শেহতীয়া পৰামৰ্শত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ইছলামাবাদত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষৰ পূৰ্বৰ প্ৰতিবেদন আৰু সমগ্ৰ পাকিস্তানত হোৱা বিক্ষিপ্ত ঘটনা নিৰীক্ষণ কৰি আছে ।
ইছলামাবাদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ১০ মে'ৰ বাবে কনচুলাৰ নিযুক্তিও বাতিল কৰিছে । ৰাজনৈতিক অস্থিৰতা আৰু বিভিন্ন নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে দূতাবাসে । ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বৃহৎ জনসমাগম থকা স্থান পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।