ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ :আমেৰিকাৰডালাছ চহৰৰ এটা ঘৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ এটি এবছৰীয়া শিশুকে ধৰি চাৰিজন লোক নিহত হোৱাৰ লগতে এগৰাকী 15 বছৰীয়া কিশোৰী আহত হয় গুলীচালনাৰ ফলত । আৰক্ষীয়ে দেওবাৰৰ বিয়লি চহৰখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত এটা ঘৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি জনায় আৰু পাঁচজন লোকক গুলীয়াই হত্যা কৰা বুলি জানিব দিয়ে ৷
গুলীচালনাৰ ফলত থিতাতে তিনিজন প্ৰাপ্তবয়স্কৰ মৃত্যু হয় ৷ 1 বছৰীয়া শিশু আৰু 15 বছৰীয়া এগৰাকী কিশোৰীক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত এবছৰীয়া শিশুটিৰ মৃত্যু ঘটে আৰু কিশোৰজনীৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি জানিব দিয়ে । দেওবাৰ পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন সন্দেহযুক্ত লোককে জিম্মাত লোৱা নাই বুলি জনায়, যদিও সেয়া এক বিচ্ছিন্নতাবাদী গোটৰ কাণ্ড বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰিছে ৷ সোমবাৰৰ পুৱা পৰ্যন্ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।
ডালাছ কাউন্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে নিহতসকলৰ নাম প্ৰকাশ কৰিছে ৷ তেওঁলোক হ’ল- লগান ডি লা ক্ৰুজ (1); ভেনেছা ডি লা (20) ; কাৰিনা লোপেজ (33) আৰু জোচে লোপেজ (50) ।