ইণ্টাৰনেচনেল ডেস্ক, ২৮ জুন :আমেৰিকা যুক্তৰাষ্ট্ৰই মঙলবাৰে ৱেগনাৰ গ্ৰুপৰ সৈতে সম্পৰ্কিত এজন ব্যক্তি আৰু চাৰিটা প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে । উল্লেখ্য, ৱেগনাৰ হৈছে ৰাছিয়াৰ মাৰ্চিনেৰী সৈন্য, যিয়ে বিগত সপ্তাহত ক্ৰেমলিনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল । বৈদেশিক সম্পদ নিয়ন্ত্ৰণৰ ট্ৰেজাৰী কাৰ্যালয়ে জাৰি কৰা এই নিষেধাজ্ঞা মধ্য আফ্ৰিকান গণৰাজ্য, সংযুক্ত আৰব আমিৰেটছ আৰু ৰাছিয়াৰ প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছে । এই প্ৰতিষ্ঠানবোৰ ৱেগনাৰ গ্ৰুপ আৰু ইয়াৰ প্ৰতিষ্ঠাপক য়েভগেনি প্ৰিগোজিনৰ সৈতে সংযুক্ত ।
অৱশ্যে এই নিষেধাজ্ঞাৰ বিগত সপ্তাহৰ ৱেগনাৰ বিদ্ৰোহৰ সৈতে প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই । আমেৰিকা যুক্তৰাষ্ট্ৰই পূৰ্বতেও প্ৰিগোজিন আৰু ৱেগনাৰ গ্ৰুপৰ বিৰুদ্ধে একাধিকবাৰ নিষেধাজ্ঞা জাৰি কৰিছিল । আনহাতে, অভিযোগ আছে যে তেওঁ ২০১৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল ।
মধ্য আফ্ৰিকান গণৰাজ্যত অৱস্থিত আৰু প্ৰিগোজিনৰ সৈতে সংযুক্ত দুটা খনি প্ৰতিষ্ঠান ডিয়ামভিল এছএইউ আৰু মিডাছ ৰিছ'ৰ্চেছ চাৰ্লুক নিষেধাজ্ঞাৰ লক্ষ্য কৰি লোৱা হৈছে । লগতে ৰাছিয়াভিত্তিক সীমিত দায়বদ্ধতা কোম্পানী তথা সোণৰ ব্যৱসায়ত জড়িত ডিএম আৰু ডুবাইভিত্তিক ইণ্ডাষ্ট্ৰিয়েল ৰিছ'চেছ জেনেৰেল ট্ৰেডিঙো আছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰই ৱেগনাৰ গ্ৰুপৰ এজন ৰাছিয়ান কাৰ্যবাহী আন্দ্ৰেই ইভানোভকো নিষিদ্ধ কৰিছে । ট্ৰেজাৰীয়ে কয় যে ইভানোভে মালিয়াৰ চৰকাৰী বিষয়াসকলৰ সৈতে মালিত অস্ত্ৰ চুক্তি, খনন প্ৰকল্প আৰু অন্যান্য ৱেগনাৰ গ্ৰুপৰ কাৰ্যকলাপৰ ওপৰত কাম কৰিছিল । ট্ৰেজাৰীয়ে কয় যে নিষেধাজ্ঞা আৰোপ কৰা প্ৰতিষ্ঠানবোৰে ৱেগনাৰ গ্ৰুপক পুঁজি যোগান ধৰিবলৈ অবৈধ সোণৰ চুক্তিত লিপ্ত আছিল, যাতে ই ইউক্ৰেইন আৰু আফ্ৰিকাত ইয়াৰ সশস্ত্ৰ বাহিনী বৰ্তাই ৰাখিব আৰু সম্প্ৰসাৰিত কৰিব পাৰে ।