ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ অক্টোবৰ :ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ অব্যাহত আছে । এই সংঘৰ্ষৰ মাজতে আমেৰিকাত তীব্ৰ আক্ৰমণ । যুদ্ধবিৰতিৰ দাবীত নেশ্যনেল মলত একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশ্যে ইউএছ কেপিটল আৰক্ষীয়ে একাংশ প্ৰতিবাদকাৰীক আটক কৰে । ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আহ্বান জনাই বৃহৎ সংখ্যক লোকে হাউচ কাৰ্যালয়ৰ এটা ভৱন ঘেৰাও কৰে । ফলস্বৰূপে কেপিটল কমপ্লেক্সলৈ ৰাজহুৱা প্ৰৱেশত বাধাৰ সৃষ্টি কৰে ।
কেপিটল হিলৰ কৰ্মচাৰীয়ে জনোৱা মতে প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক মুখ্য প্ৰৱেশদ্বাৰ আৰু প্ৰস্থান দুৱাৰ প্ৰত্যাহাৰ কৰি সুৰংগ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । জানিব পৰা মতে ইহুদী সংগঠনৰ সদস্যবোৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । যিকোনো প্ৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী জনায় । হাউচ চাৰ্জেণ্ট-এট-আৰ্মে কংগ্ৰেছৰ কাৰ্যালয়লৈ বিভিন্ন দাবীৰে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় ।
অৱশ্যে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বিভিন্ন পদক্ষেপ লয় । সতৰ্কতামূলক ব্যৱস্থা হিচাপে মঙলবাৰে নিশা কেপিটল ভৱনৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হয় ।