ইণ্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ:বুধবাৰে ইজৰাইল আৰু আৰবৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন ৷ ইজৰাইল-হামাছৰ যুদ্ধখন বৃহত্তৰ আঞ্চলিক সংঘাতলৈ সম্প্ৰসাৰিত হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি ইজৰাইল আৰু জৰ্ডানলৈ যাত্ৰা কৰিবৰ বাবে স্থিৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ।
গাজা ষ্ট্ৰিপৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ লগতে ইজৰাইলে হামাছক পুলি-পোখাই উঘালি পেলাবলৈ 141 বৰ্গমাইল (365 বৰ্গ কিলোমিটাৰ) ভূ-খণ্ডত স্থল আক্ৰমণৰ বাবে সাজু হোৱাৰ সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে বাইডেনৰ ইজৰাইল ভ্ৰমণৰ কথা ঘোষণা কৰে ৷ আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে হিটলাৰৰ হ’ল’কাষ্টৰ পিছত ইহুদীসকলৰ বিৰুদ্ধে হোৱা এয়া মাৰাত্মক আক্ৰমণ বুলি বিবেচিত কৰিছে ।
ইজৰাইলৰ সৈতে আমেৰিকা আছে বুলিও বাইডেনে বাৰাম্বাৰ ঘোষণা কৰি আহিছে । বাইডেন প্ৰশাসনে সামৰিক সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ৷ লগতে আমেৰিকাৰ কেৰিয়াৰ আৰু সাহায্য প্ৰেৰণ কৰিছে দেশখনলৈ । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলৰ অন্যান্য শীৰ্ষ বিষয়াৰ সৈতে সাত ঘণ্টাৰো অধিক আলোচনাৰ অন্তত মঙলবাৰে পুৱা ব্লিংকেনে এই কথা ঘোষণা কৰে ।