অসম

assam

ETV Bharat / international

Hawaii wildfire: বনজুইয়ে দহিছে হাৱাই দ্বীপ; প্ৰাণ হেৰুৱাইছে 93 জনে - Wildfire in Hawaii

বিগত কেইবাদিনো ধৰি আমেৰিকাৰ হাৱাই দ্বীপত বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এতিয়ালৈ মাউই চহৰত ৯৩ গৰাকী লোকৰ মৃত্যু হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

Hawaii wildfire
হাৱাই দ্বীপত মৃত্যুৰ কিৰিলি

By

Published : Aug 14, 2023, 11:16 AM IST

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট :আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাউইৰ হাৱাই দ্বীপত বনজুই তাণ্ডৱ অব্যাহত আছে । বিধ্বংসী বনজুইৰ ফলত মৃ্ত্যুৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । লাহাইনা চহৰৰ মাজেৰে পাৰ হৈ যোৱা বনজুইৰ ফলত এতিয়ালৈ ৯৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । শতিকাটোৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ডক লৈ সন্ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ দ্বীপটোত । অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে নিৰন্তৰভাৱে অগ্নি নিৰ্বাপণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । প্ৰশাসনে উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে ।

মাউই চহৰ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে । শ শ লোকৰ বাসগৃহত অগ্নিকাণ্ডৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছে । ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে বহু লোক । শনিবাৰে হাৱাইৰ গভৰ্ণৰ জছ গ্ৰীণে সতৰ্ক কৰি দিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে । কিয়নো এতিয়াও বহু লোক আৱদ্ধ হৈ আছে । একাংশ লোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই । ফৰেনচিকৰ লোকসকলে মৃতদেহবোৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

গভৰ্ণৰগৰাকীয়ে জনোৱা মতে এয়া নিশ্চিতভাৱে হাৱাইয়ে সন্মুখীন হোৱা আটাইতকৈ ভয়ংকৰ পৰিস্থিতি । প্ৰশাসনৰ লক্ষ্য হৈছে লোকসকলক পুনৰুদ্ধাৰ কৰি সাহায্য প্ৰদান কৰা । ভুক্তভোগী লোকসকলক আশ্ৰয় শিবিৰত স্থানান্তৰ কৰা হৈছে । লোকসকলক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বিনামূলীয়া চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে । বনজুইৰ ফলত কিমান লোক ক্ষতিগ্ৰস্ত হৈছে সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই । ইতিমধ্যে এই সন্দৰ্ভত প্ৰশাসনে উচিত পদক্ষেপো হাতত লৈছে ।

সন্দেহ কৰা হৈছে যে বনজুইৰ ফলত ২,০০০ তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে । ব্ৰিটিছ প্ৰশাসনৰ মতে সেইবোৰৰ বেছিভাগেই লাহাইনা অঞ্চলৰ । মুঠতে হাৱাই দ্বীপত ধ্বংস লীলা আৰম্ভ হৈছে । সকলোৱে প্ৰাৰ্থনা কৰিছে অতি শীঘ্ৰে যেন দ্বীপটোৰ লোকসকলে এই ভয়ংকৰ পৰিস্থিতিৰ পৰা মুক্ত হ'ব পাৰে ।

লগতে পঢ়ক :Hawaii wildfire : আমেৰিকাত শতিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড, মৃতকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details