অসম

assam

ETV Bharat / international

চিৰিয়াত পুনৰ আমেৰিকাৰ সামৰিক অভিযান, তিনিজন IS নেতা নিহত

এঘণ্টাতকৈও কম সময়ৰ ভিতৰত অভিযান চলায় চিৰিয়াত আমেৰিকাৰ সেনাই হত্যা কৰিলে ৩ জন ইছলামিক ষ্টেটৰ সদস্যক । আমেৰিকাই উত্তৰ চিৰিয়াত এয়াৰষ্ট্ৰাইকো চলায় (US conducted an airstrike in northern Syria)। ইছলামিক ষ্টেট গোটৰ বিৰুদ্ধে চিৰিয়ান ডেমক্ৰেটিক বাহিনীক সহায় কৰি আহিছে আমেৰিকাৰ সেনা বাহিনীয়ে ।

By

Published : Oct 7, 2022, 12:45 PM IST

US army
চিৰিয়াত পুনৰ আমেৰিকাৰ সামৰিক অভিযান

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ অক্টোবৰ :যুদ্ধবিধ্বস্ত চিৰিয়াত পুনৰ আমেৰিকাৰ সেনা বাহিনীৰ সামৰিক অভিযান (US military operations in Syria)। দুটা পৃথক অভিযানত তিনিজন ইছলামিক ষ্টেটৰ জ্যেষ্ঠ নেতা নিহত (US forces killed three senior IS leaders)। আমেৰিকাৰ সেনা বাহিনীয়ে স্পষ্ট কৰে এই কথা ।

আমেৰিকান বিষয়াৰ মতে চিৰিয়াৰ নিয়ন্ত্ৰণত থকা উত্তৰ-পূৱৰ এটা অংশত এই বিৰল অভিযান চলোৱা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ অভিযানকাৰী দলে কামিশ্লি গাঁৱৰ সমীপত অভিযান চলাই বিদ্ৰোহী আই এছ ৰাক্কান ৱাহিদ আল শ্বাম্মানক গুলীয়াই হত্যা কৰে (US special forces operation in Qamishli)। এই অভিযানত আন এজন আহত হয় আৰু দুজনক বন্দী কৰে । পাছত বৃহস্পতিবাৰে আমেৰিকাই উত্তৰ চিৰিয়াত এয়াৰষ্ট্ৰাইক চলায় (US conducted an airstrike in northern Syria)। য'ত ইছলামিক ষ্টেটৰ দ্বিতীয়গৰাকী নেতা আবু আলা আৰু আন এজন আই এছ নেতা আবু মুয়াদ আল কাহতানি নিহত হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিষয়াই জনোৱা মতে এক ঘণ্টাতকৈও কম সময়ৰ বাবে কামিশ্লিত কম সংখ্যক সৈন্যই স্থলভাগৰ অভিযানক নেতৃত্ব দিছিল । তেওঁ উল্লেখ কৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰই চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ নিয়ন্ত্ৰণত থকা অঞ্চলত সাধাৰণতে অভিযান নচলায় ।

এক বিবৃতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে আল শ্বাম্মানে বিদ্ৰোহী সংগঠন ইছলামিক ষ্টেটৰ অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰকে ধৰি বিভিন্ন ধৰণে সমৰ্থন জনাই আহিছিল । বিবৃতি অনুসৰি, আমেৰিকাৰ এই অভিযানত কোনো সাধাৰণ নাগৰিক বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য নিহত বা আহত হোৱা নাই । অৱশ্যে আমেৰিকা কৰ্তৃপক্ষই এয়াৰষ্ট্ৰাইকৰ সম্পৰ্কে বিশেষ তথ্য প্ৰকাশ কৰা নাই ।

ইছলামিক ষ্টেট গোটৰ বিৰুদ্ধে যুঁজত চিৰিয়ান ডেমক্ৰেটিক বাহিনীক পৰামৰ্শ আৰু সহায় কৰিবলৈ চিৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৯০০ বাহিনী আছে (US forces in Syria)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিষয়াই কয় যে দীৰ্ঘদিনৰ অন্তত প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ সৈতে বিবাদমুক্ত ফোন লাইন ব্যৱহাৰ কৰি তেওঁলোকক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ অভিযান আৰু তাত উপস্থিতিৰ বিষয়ে অৱগত কৰা নাছিল ।

বিষয়াজনে কয় যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধৰ প্ৰতিক্ৰিয়াস্বৰূপে এয়া পদক্ষেপ লোৱা হোৱা নাছিল, কেৱল নিৰাপত্তাৰ স্বাৰ্থতহে এয়া কৰা হৈছিল । উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই যিকোনো সাম্ভাব্য দুৰ্ঘটনা বা ঘটনা পৰিহাৰ কৰিবলৈ বিবাদমুক্ত লাইন ব্যৱহাৰ কৰে । কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী চিৰিয়াৰ উত্তৰ-পূব অঞ্চলত থকাৰ সময়ত তাত ৰাছিয়াৰ বাহিনীয়েও কাম কৰে ।

লগতে পঢ়ক :ফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে ছুৰীকাঘাত কৰি 2 গৰাকীক হত্যা, 6 গৰাকী আহত

ABOUT THE AUTHOR

...view details