অসম

assam

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:23 PM IST

ETV Bharat / international

আমেৰিকাত আন এক হিন্দু মন্দিৰত খালিস্তানপন্থী শ্লোগান

US Sherawali Temple : হিন্দু আমেৰিকান ফাউণ্ডেচনে জনাইছে যে কেলিফোৰ্ণিয়াৰ জনপ্ৰিয় শ্বেৰাৱালী মন্দিৰটো খালিস্তানপন্থী শ্লোগানেৰে ভৰাই পেলোৱা হৈছে । উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰত সন্দেহযুক্ত খালিস্তানপন্থী কৰ্মীয়ে কেলিফোৰ্ণিয়াৰ নেৱাৰ্কত স্বামীনাৰায়ণ মন্দিৰটো অপবিত্র কৰাৰ অভিযোগ উত্থাপিত হৈছিল । মন্দিৰটোৰ বাহিৰৰ দেৱালখন ভাৰত-বিৰোধী শ্লোগান লিখি বিকৃত কৰা হৈছিল ।

আমেৰিকাত আন এক হিন্দু মন্দিৰত খালিস্তানপন্থী শ্লোগান
আমেৰিকাত আন এক হিন্দু মন্দিৰত খালিস্তানপন্থী শ্লোগান

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ জানুৱাৰী :কেলিফোৰ্ণিয়াৰ হেৱাৰ্ডত থকা এটা হিন্দু মন্দিৰ খালিস্তানপন্থী শ্লোগান লিখি বিকৃত কৰা হৈছে । উল্লেখ্য যে কিছুদিন পূৰ্বে কেলিফোৰ্ণিয়াৰ নেৱাৰ্কৰ স্বামীনাৰায়ণ মন্দিৰটোত ভাৰত-বিৰোধী শ্লোগান লিখি বিকৃত কৰা হৈছিল । তাৰ কেইসপ্তাহমান পিছতে শ্বেৰাৱালী মন্দিৰত এই ঘটনা সংঘটিত হৈছে ।

হিন্দু আমেৰিকান ফাউণ্ডেচনে জনোৱা মতে, কেলিফোৰ্ণিয়াৰ শ্বেৰাৱালী মন্দিৰটো খালিস্তানপন্থী শ্লোগান লিখি বিকৃত কৰা হৈছে । লগতে তেওঁলোকে ইয়াৰ এখন ছবিও শ্বেয়াৰ কৰিছে ।

এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত হিন্দু আমেৰিকান ফাউণ্ডেচনে কয়, "আন এটা হিন্দু মন্দিৰত খালিস্তানপন্থী শ্লোগানেৰে আক্ৰমণ কৰা হৈছে । স্বামীনাৰায়ণ মন্দিৰ আক্ৰমণৰ মাত্ৰ দুসপ্তাহ পিছত আৰু একেটা অঞ্চলৰ শিৱ দুৰ্গা মন্দিৰত চুৰি-কাণ্ডৰ এসপ্তাহ পিছত হেৱাৰ্ডৰ বিজয়ৰ শ্বেৰাৱালী মন্দিৰত খালিস্তানপন্থীয়ে শ্লোগান লিখি বিকৃতি কৰিছে । হিন্দু আমেৰিকান ফাউণ্ডেচনে মন্দিৰটোৰ নেতাসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে ।"

আনহাতে, হিন্দু আমেৰিকান ফাউণ্ডেচনে খালিস্তান সমৰ্থকৰ ক্ৰমবৰ্ধমান ভাবুকিৰ কথা বিবেচনা কৰি কাৰ্যকৰী নিৰাপত্তা কেমেৰা আৰু এলাৰ্ম ব্যৱস্থা স্থাপনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা বুলি জনাইছে । ফাউণ্ডেচনে কয়, "আমি পুনৰবাৰ মন্দিৰৰ সকলো নেতাক হিন্দু আমেৰিকান মন্দিৰ সুৰক্ষাৰ নিৰ্দেশনা ডাউনলোড কৰিবলৈ আহ্বান জনাইছোঁ । ইয়াৰ বাবে এই লিংকটো ক্লিক কৰক- https://hinduamerican.org/wp-content/uploads/2022/01/HAF-Temple-Safety-Secuirty-Guide.pdf ।"

আৰক্ষীয়ে জনোৱা অনুসৰি, ডিচেম্বৰৰ আৰম্ভণিতে সন্দেহযুক্ত খালিস্তানপন্থী কৰ্মীসকলে কেলিফোৰ্ণিয়াৰ নেৱাৰ্কত থকা স্বামীনাৰায়ণ মন্দিৰক বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছিল । হিন্দু মন্দিৰৰ বাহিৰৰ দেৱালখন ভাৰত-বিৰোধী শ্লোগানেৰে বিকৃত কৰা হৈছিল ।

ইফালে নেৱাৰ্ক পুলিচ চাৰ্ভিচে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । মন্দিৰৰ ওচৰত বাস কৰা এগৰাকী ভক্তই ভৱনটোৰ এখন বাহিৰৰ দেৱালত ক'লা চিয়াঁহীৰে হিন্দু আৰু ভাৰত-বিৰোধী শ্লোগান লিখাটো প্ৰথমে ধৰা পেলায় আৰু স্থানীয় প্ৰশাসনক লগে লগে বিষয়টো অৱগত কৰে । মন্দিৰ প্ৰশাসনৰ মুখপাত্ৰ ভাৰ্গৱ ৰাভালে এএনআইক এই কথা জনায় ।

মুখপাত্ৰজনে লগতে কয় যে মন্দিৰ কৰ্তৃপক্ষই মন্দিৰৰ দেৱালত ভাৰত-বিৰোধী শ্লোগান লিখা দেখা পাই হতবাক হয় । ঘটনাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নেৱাৰ্কৰ এগৰাকী আৰক্ষী কেপ্টেইন জনাথন আৰ্গুৱেলোৱে কয় যে এই 'লক্ষ্য নিৰ্ধাৰিত কাৰ্য'ৰ তদন্ত কৰা হৈছে ।

লগতে পঢ়ক :আমেৰিকাৰ সতৰ্কবাণীৰ পাছতো হুথিৰ আক্ৰমণ অব্যাহত

ABOUT THE AUTHOR

...view details