ইণ্টাৰনেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ :আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডি জিল বিডেন ক'ভিডত আক্ৰান্ত হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে জিল বিডেনৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । অৱশ্যে তেওঁৰ দেহত ক'ভিডৰ সাধাৰণ লক্ষণ দেখা গৈছে ।
পত্নীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৰাষ্ট্ৰপতি জ' বিডেনৰো পৰীক্ষা কৰা হয় । অৱশ্যে তেওঁ দেহত ক'ভিড ভাইৰাছৰ অৱস্থিতি ধৰা নপৰে । হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে নিয়মীয়াকৈ পৰীক্ষা অব্যাহত ৰাখিব আৰু লক্ষণবোৰৰ বাবে নিৰীক্ষণ কৰা হ'ব ।
কমিউনিকেশ্যন সঞ্চালক এলিজাবেথ আলেকজেণ্ডাৰে কয় যে জিল বিডেন বৰ্তমানৰ বাবে ডেলাৱেৰৰ ৰেহোবোথ বীচত তেওঁলোকৰ ঘৰত থাকিব । তেওঁ মঙলবাৰে নৰ্দাৰ্ণ ভাৰ্জিনিয়া কমিউনিটি কলেজত নতুন বিদ্যালয় বৰ্ষ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল, য'ত তেওঁ ইংৰাজী আৰু লিখনি শিকায় । তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে বিদ্যালয়ৰ বিষয়াসকলৰ সৈতে শ্ৰেণীৰ বিকল্প শিক্ষকৰ ব্যৱস্থা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।