ইণ্টাৰনেশ্যনেল ডেস্ক,১ অক্টোবৰ :অৱশেষত আমেৰিকাৰ বিভিন্ন সেৱা বন্ধ হোৱাক লৈ চলি থকা আশংকাৰ অৱসান ঘটিল । শনিবাৰে আমেৰিকাৰ কংগ্ৰেছে সংস্থাসমূহ খোলা ৰখাৰ বাবে অস্থায়ী পুঁজি বিধেয়কত অনুমোদন জনাই আৰু আইনত পৰিণত হ'বলৈ ৰাষ্ট্ৰপতি জ' বিডেনলৈ প্ৰেৰণ কৰে । অস্থায়ী পুঁজিৰ বিধেয়কত ইউক্ৰেইনলৈ সাহায্য হ্ৰাস কৰে । কিন্তু বিডেনৰ অনুৰোধত ফেডাৰেল দুৰ্যোগ সাহায্য ১৬ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি কৰা হয় । ইফালে বিধেয়কখনে ১৭ নৱেম্বৰলৈকে চৰকাৰক পুঁজি যোগান ধৰিব ।
কংগ্ৰেছত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে অধ্যক্ষ কেভিন মেককাৰ্থীয়ে হঠাতে বিধেয়কখন গৃহীত কৰিবলৈ ডেমক্ৰেটসকলক আহ্বান জনায় । লক্ষণীয়ভাৱে আমেৰিকান জনসাধাৰণৰ বাবে ই ভাল খবৰ বুলি বিডেনে এক বিবৃতিত উল্লেখ কৰে । তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কোনো পৰিস্থিতিত ইউক্ৰেইনৰ প্ৰতি আমেৰিকাৰ সমৰ্থন ব্যাহত হ'বলৈ দিব নোৱাৰে । তেওঁ আশা প্ৰকাশ কৰি কয় যে অধ্যক্ষ মেককাৰ্থীয়ে ইউক্ৰেইনৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি বজাই ৰাখিব আৰু এই সংকটজনক মুহূৰ্তত ইউক্ৰেইনক সহায় কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াব ।
সদন অৰ্থাৎ কংগ্ৰেছত একপ্ৰকাৰ অস্থিৰতাই বিৰাজ কৰিছিল আৰু সকলোৱে আমেৰিকা বন্ধ হোৱাৰ আশংকা কৰিছিল । পুঁজিৰ অভাৱত আমেৰিকাৰ গুৰুত্বপূৰ্ণ সেৱাবোৰ বন্ধ হোৱাৰ আশংকা কৰা হৈছিল । অৱশ্যে কংগ্ৰেছত হঠাতে গ্ৰহণ কৰা সিদ্ধান্তবোৰে সকলোকে সকাহ প্ৰদান কৰিছে ।