ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ আগষ্ট :পাকিস্তানত গীৰ্জাঘৰত চলা আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত অব্যাহত আছে । আমেৰিকা যুক্তৰাষ্ট্ৰইও ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে । পাকিস্তানত চলি থকা সংখ্যালঘুৰ ওপৰত আক্ৰমণ ৰোধ কৰাৰ লগতে ঘটনাৰ তদন্ত কৰিবলৈ আমেৰিকাই আহ্বান জনাইছে । মত প্ৰকাশৰ শান্তিপূৰ্ণ স্বাধীনতাক সমৰ্থন কৰিবলৈও আমেৰিকাই আহ্বান জনাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদান্ত পেটেলে কয় যে এই ক্ষেত্ৰত হিংসা বা ভাবুকিৰ ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় ।
বুধবাৰে পাকিস্তানৰ ফৈজালাবাদৰ জাৰানৱালা জিলাত একাধিক গীৰ্জাত আক্ৰমণ হোৱাৰ পাছতে আমেৰিকাৰ বিষয়াগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিষয়াগৰাকীয়ে সংবাদমাধ্যমক জনোৱা মতে এই ঘটনাক লৈ আমেৰিকা যথেষ্ট উদ্বিগ্ন । পাকিস্তানত কোৰাণৰ অপবিত্রতাৰ প্ৰতিক্ৰিয়া স্বৰূপে গীৰ্জাবোৰক লক্ষ্য কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে আমেৰিকাই সকলোৰে বাবে ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ অধিকাৰ সমৰ্থন কৰে । ধৰ্মীয় উদ্দেশ্য প্ৰণোদিত হিংসাৰ ঘটনাৰ বিষয়ে আমেৰিকা পূৰ্বৰে পৰা চিন্তিত হৈ আছে ।
সেয়ে আমেৰিকা প্ৰশাসনে পাকিস্তানী চৰকাৰক এই অভিযোগসমূহৰ সম্পূৰ্ণ তদন্ত কৰি ইয়াত জড়িত সকলোৰে বাবে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনায় । ইফালে খ্ৰীষ্টান নেতাসকলে অভিযোগ কৰিছে যে আক্ৰমণৰ সময়ত আৰক্ষী নীৰৱ হৈ আছিল । পাকিস্তানৰ গীৰ্জাৰ সভাপতি বিশপ আজাদ মাৰ্চেলে কোৱা মতে খ্ৰীষ্টানসকলক অত্যাচাৰ আৰু হাৰাশাস্তি কৰা হৈছে ।