ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ এপ্ৰিল :আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস । এইবাৰ এটা জন্মদিনৰ অনুষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ (Shooting during birthday party in US)। দুৰ্বৃত্তৰ গুলীচালনাত ৪ জন লোক নিহত হোৱাৰ লগতে কিশোৰসহ প্ৰায় ১৫ জন লোক আহত হয় । ঘটনাক লৈ তীব্ৰ উত্তেজনা দক্ষিণ আমেৰিকাত । আমেৰিকাত গুলীচালনাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে । কিছুদিনৰ পৰা দেশখনত একাংশ লোকে মুকলিকৈ গুলীচালনা কৰা দেখা গৈছে ।
শনিবাৰে নিশাও দক্ষিণ আমেৰিকাৰ আলাবামা ৰাজ্যত জন্মদিনৰ এক অনুষ্ঠানত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় (4 Killed in Shooting at Alabama)। আলাবামা আৰক্ষীয়ে জনোৱা মতে ঘটনাটো শনিবাৰে নিশা প্ৰায় ১০:৩৪ বজাত ডেডভিলৰ ডাউনটাউনত সংঘটিত হৈছিল ।
আৰক্ষীয়ে জনোৱা মতে গুলীচালনাত নিহত হোৱা লোকসকলৰ ভিতৰত আছিল উচ্চ বিদ্যালয়ৰ এগৰাকী ফুটবল খেলুৱৈ । যিগৰাকী যুৱতীৰ জন্মদিন আছিল তেওঁৰ ভাতৃ ফিলষ্টাভিয়ছ ডাউডেলো এই গুলীচালনাত নিহত হয় । নিহত আন দুগৰাকী কিশোৰো ফুটবল দলৰে সদস্য আছিল । গুলীচালনাৰ পূৰ্বে কাজিয়া আৰু তীব্ৰ সংঘৰ্ষ হোৱা বুলি এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জনাইছে ।