ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ :হামাছৰ আক্ৰমণৰ প্ৰতিশোধত ইজৰাইলে গাজাৰ ডাউন টাউনত অভিযান অব্যাহত ৰাখিছে । ইজৰাইলৰ আকাশী আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে বহু অঞ্চল । ইয়াৰ মাজতে গাজা ষ্ট্ৰিপৰ ১,৮০,০০০ তকৈও অধিক পেলেষ্টাইনী নাগৰিকে ৰাষ্ট্ৰসংঘৰ শিবিৰত আশ্ৰয় লৈছে । ইজৰাইলৰ ভয়ংকৰ ৰকেট আক্ৰমণৰ পাছতে শংকিত হৈ পৰিছে পেলেষ্টাইনৰ নাগৰিকসকল । একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে এটাৰ পাছত আন এটা ৰকেটৰ শব্দ শুনি আচৰিত হৈ পৰিছিল ।
ইফালে ইজৰাইলৰ প্ৰতিশোধ আৰু তীব্ৰতৰ হ'ব বুলি আশংকা কৰিছে লোকসকলে । বহু মহিলাই কোলাত সন্তানক লৈ গাজা চহৰৰ ৰাজপথলৈ দৌৰা দেখা গৈছিল । ইফালে পেলেষ্টাইনী শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাই বিদ্যালয়সমূহত শিবিৰ স্থাপন কৰিছে । য'ত লোকসকলে আশ্ৰয় লৈছিল ।
২০০৭ চনত হামাছ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পাছত ৪ বাৰ আক্ৰমণ হৈছে । আনকি যিবোৰ সুৰক্ষিত অঞ্চলত ৰাষ্ট্ৰসংঘৰ শিবিৰবোৰ আছে, তাতো আক্ৰমণৰ আশংকা কৰা হৈছে । ইফালে ৰাষ্ট্ৰসংঘই অভিযোগ কৰা মতে দেওবাৰে এটা আশ্ৰয় শিবিৰত পোনপটীয়াকৈ এয়াৰষ্ট্ৰাইকে আঘাত কৰে আৰু সোমবাৰে আন ৫ খন বিদ্যালয়ৰ শিবিৰো ক্ষতিগ্ৰস্ত কৰে । অৱশ্যে তাৎক্ষণিকভাৱে হতাহতৰ কোনো তথ্য পোহৰলৈ অহা নাই ।