ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ :ইজৰাইলী সামৰিক বাহিনী আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । গাজা ষ্টিপত ইজৰাইলী সেনাৰ আক্ৰমণো বৃদ্ধি পাইছে । দুয়োপক্ষৰ সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা বা আন আন দেশেও প্ৰচেষ্টা চলাইছে । যুদ্ধবিৰতি ঘোষণাৰ বাবে বাৰে বাৰে আহ্বান জনোৱা হৈছে যদিও ইজৰাইল চৰকাৰ নিজৰ স্থিতিত অটল আছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও মাহজোৰা ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত এক প্ৰস্তাৱত সন্মত হোৱাত পুনৰ ব্যৰ্থ হয় ।
সোমবাৰে দুঘণ্টাতকৈও অধিক সময় ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতো কোনো সমাধান নহ'ল । আমেৰিকাই কেইবাবাৰো মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে আনহাতে পৰিষদৰ আন বহু সদস্যইও অতি প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ আৰু গাজাত অধিক সাধাৰণ লোকৰ মৃত্যু প্ৰতিহত কৰিবলৈ মানৱীয় যুদ্ধবিৰতি দাবী কৰিছে ।
আমেৰিকাৰ উপ ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে বৈঠকৰ পাছত সাংবাদিকসকলক কয় যে তেওঁলোকে যুদ্ধ বিৰতিৰ বিষয়ে কথা পাতিছে । কিন্তু সেইটো গ্ৰহণযোগ্য নে নহয় সেই বিষয়ে পৰিষদৰ ভিতৰত মতভেদ আছে । ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে সোমবাৰে সাংবাদিকক কৈছিল যে তেওঁ গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি বিচাৰে আৰু অধিকৃত পশ্চিম তীৰ, লেবানন আৰু ছিৰিয়াৰ পৰা ইৰাক আৰু য়েমেনলৈ ইতিমধ্যে যুদ্ধ বিয়পি যোৱা বন্ধ কৰিব বিচাৰে ।