অসম

assam

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:26 AM IST

Updated : Nov 8, 2023, 12:45 PM IST

ETV Bharat / international

UN on Gaza: শিশুৰ বধ্যভূমিত পৰিণত হৈছে গাজা; ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান

গাজা ষ্ট্ৰীপত আব্যাহত ইজৰাইলৰ আক্ৰমণ ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ নিৰ্দেশত জল-স্থল-আকাশেৰে ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে পেলেষ্টাইনৰ ভূমিত ৷ যাৰ ফলত নিমিষতে প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক নিৰীহ জনতাই ৷ ইয়াৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যাই সৰহ ৷ এই পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেয়েৰেছে ৷

UN on Gaza
শিশুৰ বধ্যভূমিত পৰিণত হৈছে গাজা

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 নৱেম্বৰ:গাজাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছেৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেয়েৰেছে ৷সংবাদ সংস্থা CNNএ জনোৱা বাতৰি অনুসৰি গাজা “শিশুৰ কবৰস্থানলৈ পৰিণত হৈছে” বুলি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে কোৱা বুলি কয় । নিউয়ৰ্কত সংবাদ মাধ্যমৰ আগত গুটেয়েৰেছে কয় যে গাজাত মানৱীয়তাৰ সংকট ঘটিছে । তেওঁ লগতে ইজৰাইল-হামাছ যুদ্ধ সম্পৰ্কত কয় যে যুদ্ধবিৰতিৰ প্ৰয়োজনীয়তা প্ৰতি নিয়ত অধিক জৰুৰী হৈ পৰিছে ।"

বিশ্ব সম্প্ৰদায়ে গাজাত অব্যাহত এই গণহত্যা বন্ধ কৰাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱাৰ লগতে গাজালৈ মানৱীয় সাহায্য সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে পুনৰ কয়, "এমাহ পূৰ্বে ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পাছত সংস্থাৰ কেইবাগৰাকীও কৰ্মচাৰী নিহত হৈছে ৷

সোমবাৰৰ নিশা X ত সচিবগৰাকীয়ে উল্লেখ কৰে,"মাত্ৰ কেইটামান সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাহায্যকৰ্মীক হত্যা কৰা হৈছে ৷ সংঘৰ ইতিহাসত এই সংখ্যা ভয়ংকৰ হিচাবে বিবেচিত হৈছে । গাজাত হত্যা কৰা আমাৰ @UNRWA 89 জন সহকৰ্মীৰ শোকসভাত মই শোকসন্তপ্ত পৰিয়ালৰ সৈতে অংশগ্ৰহণ কৰিছো ৷"

মঙলবাৰে UNRWA এ জনোৱা মতে, কমেও 26 জন সদস্য আহত হৈছে । সংস্থাটোৱে X যোগে কয়, "আমি মানসিকভাৱে যথেষ্ট বিধ্বস্ত ভাগি পৰিছো । আমাৰ সহকৰ্মীসকললৈ যথেষ্ট মনত পৰিছে ৷ তেওঁলোকক নাপাহৰো । উল্লেখ্য যে, 7 অক্টোবৰত ইজৰাইল-হামাছ যুদ্ধৰ আৰম্ভ হোৱাৰ পাছতে পেলেষ্টাইন মানৱীয়তাৰ বধ্যভূমিলৈ পৰিণত হৈ পৰা পৰিলক্ষিত হৈছিল ৷ ইতিমধ্যেই দুয়োপক্ষই ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক:Mission against Maoist: ৱায়ানাডত মাওবাদীৰে আৰক্ষীৰ সংঘৰ্ষ

Last Updated : Nov 8, 2023, 12:45 PM IST

ABOUT THE AUTHOR

...view details