ইণ্টাৰনেশ্যনেল ডেস্ক, 16 অক্টোবৰ:অশান্ত জৰ্জৰ মধ্য প্ৰাচ্য ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবেৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটিয়েৰেছে Xযোগে মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আগবঢ়ায় মানৱীয় আবেদন ৷ পণবন্দী কৰি ৰখাসকলক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে হামাছলৈ আহ্বান জনায় গুটিয়েৰেছে ।
মধ্য প্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি গুটিয়েৰেছে হামাছে আৱদ্ধ কৰি ৰখা পণবন্দীসকলক তৎক্ষণাত বিনা চৰ্তত মুকলি কৰি দিবলৈ হামাছলৈ আহ্বান জনায় ।
তেওঁ লগতে গাজাৰ সাধাৰণ নাগৰিকৰ স্বাৰ্থত মানৱীয় দৃষ্টিৰে দ্ৰুত আৰু বাধাহীন প্ৰৱেশৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান জনায় । উল্লেখ কৰা প্ৰয়োজন যে, দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিচতে গাজাবাসীৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ ৷ সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী ৷
শেহতীয়া তথ্য অনুসৰি দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা এই সংঘাতৰ ফলত 1300 লোক নিহত হৈছে আৰু 3600 ৰো অধিক লোক আহত হৈছে বুলি দ্য জেৰুজালেম পোষ্টে প্ৰকাশ কৰিছে ।