ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ অক্টোবৰ :ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ছুডানৰ সামৰিক বাহিনী আৰু এক শক্তিশালী অৰ্ধসামৰিক গোটৰ মাজত চলি থকা যুদ্ধত যোৱা ৬ মাহত প্ৰায় ৯,০০০ লোকৰ প্ৰাণ গৈছে । এপ্ৰিলৰ মাজভাগৰ পৰাই ছুডানক এক বিশৃংখল পৰিৱেশে আৱৰি আছে । সামৰিক মুৰব্বী জেনেৰেল আব্দেল-ফাত্তাহ বুৰহান আৰু অৰ্ধসামৰিক ৰেপিড ফ'ৰ্চৰ কমাণ্ডাৰ জেনেৰেল মহম্মদ হামদান দাগালোৰ মাজত উত্তেজনা বৃদ্ধিৰ লগে লগে পৰিস্থিতিৰ যথেষ্ট অৱনতি হৈছে ।
ৰাষ্ট্ৰসংঘৰ মতে যোৱা ৬ মাহত হত্যা, হিংসা আৰু সন্ত্ৰাসৰ পৰিস্থিতিত সাধাৰণ নাগৰিকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । ৰাষ্ট্ৰসংঘৰ আণ্ডাৰচেক্ৰেটৰী জেনেৰেল মাৰ্টিন গ্ৰিফিথছে যুদ্ধৰ ৬ মাহ সম্পূৰ্ণ হোৱাত এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে । বিভিন্ন স্থানত ধৰ্ষণ আৰু যৌন হিংসাৰ দৰে ভয়ংকৰ ঘটনাবোৰ সংঘটিত হৈছে । যুদ্ধ প্ৰথমে খাৰ্তুমত আৰম্ভ হৈছিল কিন্তু কম সময়ৰ ভিতৰতে ই পূব আফ্ৰিকাৰ দেশৰ অন্যান্য অঞ্চললৈও বিয়পি পৰিছিল । যুদ্ধৰ ফলস্বৰূপে ইতিমধ্যে পশ্চিম দাৰ্ফুৰ অঞ্চল ধ্বংসস্তুপত পৰিণত হৈছে ।
গ্ৰিফিথছে কোৱা মতে ভয়ংকৰ সংঘৰ্ষত এতিয়ালৈ প্ৰায় ৯,০০০ লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক গৃহহীন হৈ পৰিছে । লোকসকলে তেওঁলোকৰ ঘৰখন এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে । ছুডানৰ আন স্থান বা চুবুৰীয়া দেশসমূহলৈ বহু লোকে পলায়ন কৰিছে । তেওঁ কোৱা মতে সংঘৰ্ষৰ ফলত সম্প্ৰদায়বোৰ বিচ্ছিন্ন হৈ পৰিছে । দৰিদ্ৰ আৰু দুৰ্বল লোকসকলে জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে ।