ইণ্টাৰনেশ্যনেল ডেস্ক,৮ অক্টোবৰ :ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণক লৈ সমগ্ৰ বিশ্ব উদ্বিগ্ন হৈ পৰিছে । বিভিন্ন দেশে এই আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়েও হামাছৰ আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ইজৰাইলৰ ওপৰত এই আক্ৰমণক জেলেনস্কিয়ে 'ভয়ংকৰ বাতৰি' বুলি দাবী কৰি কয় যে বিশ্বত সন্ত্ৰাসৰ কোনো স্থান থাকিব নালাগে । জেলেনস্কিয়ে কয় যে এনে সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ জীৱনক গুৰুত্ব দিয়া সকলোৱে একতাৰে থিয় দিব লাগিব । নিসন্দেহে ইজৰাইলীৰ আত্মৰক্ষাৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে ।
এক্সৰ এটা পোষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আঁৰত থকা সকলক জবাবদিহি কৰিবলৈ দাবী জনায় । তেওঁ কয় যে যিয়ে সন্ত্ৰাসবাদৰ আশ্ৰয় ল'ব আৰু সন্ত্ৰাসৰ বাবে বিত্ত যোগান কৰিব তেওঁ বিশ্বৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰে । তেওঁ এই আক্ৰমণক গৰিহণা দি সন্ত্ৰাসবাদীসকলক পৰাজিত কৰা হ'ব বুলিও আশা প্ৰকাশ কৰে ।