অসম

assam

ETV Bharat / international

Kyiv area hit by Iranian kamikaze drones: ইউক্ৰেইনৰ ৰাজধানীত ইৰাণী কামিকাজে ড্ৰোনৰ আক্ৰমণ - ৰাজধানী চহৰখনত 19 গৰাকী লোক নিহত

ইউক্ৰেইনৰ ৰাজধানী কিয়েভ অঞ্চলত ইৰাণী কামিকাজে ড্ৰোনৰ দ্বাৰা আক্ৰমণ (Ukraine Kyiv area hit by Iranian kamikaze drones)৷

Ukraine Kyiv area hit by Iranian kamikaze drones
ইউক্ৰেইনৰ ৰাজধানীত ইৰাণী কামিকাজে ড্ৰোনৰ আক্ৰমণ

By

Published : Oct 13, 2022, 3:40 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 অক্টোবৰ: অশান্ত ইউক্ৰেইনত পুনৰ আক্ৰমণ (Ukraine Russia attack)৷ এইবাৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভ অঞ্চলত ইৰাণী কামিকাজে ড্ৰোনে আক্ৰমণ কৰে (Ukraine Kyiv area hit by Iranian kamikaze drones)৷

বৃহস্পতিবাৰে পুৱা কিয়েভ অঞ্চলত এখন ড্ৰোনে আক্ৰমণ কৰাৰ পিছতে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ ততালিকে উদ্ধাৰকাৰী দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই ৷

সোমবাৰে ৰাজধানী চহৰখনৰ দক্ষিণৰ মাইকোলাইভত ওৰে নিশা গোলাবৰ্ষণ অব্যাহত থকাৰ ফলত এটা পাঁচমহলীয়া অট্টালিকা ধ্বংসস্তুপত পৰিণত হয় ৷ মাইকোলাইভৰ মেয়ৰ অলেক্সেণ্ডাৰ চিয়াঙ্কোভিচে জনোৱা অনুসৰি ভৱনটোৰ ওপৰৰ দুটা মহলা সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ পৰিৱৰ্তে তাৰ ওচৰে পাজৰে থকা কেবাটাও অঞ্চল ক্ষতিগ্ৰস্ত হৈছিল ৷ সম্প্ৰতি কিয়েভৰ ৰাছিয়াৰ শাসনাস্থিত অঞ্চলসমূহত এনেদৰে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে ৷ ফলত আতংকিত হৈছে স্থানীয় লোকসকল ৷

গোলাবৰ্ষণৰ ঘটনাত ৰাজধানী চহৰখনত 19 গৰাকী লোক নিহত হোৱাৰ লগতে 100 গৰাকীৰো অধিক লোক আহত হৈছিল ৷ ইতিমধ্যে ইউক্ৰেইনলৈ এই সপ্তাহতে কেইবাখনো পশ্চিমীয়া অঞ্চলৰ নেতাই অস্ত্ৰ প্ৰেৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল ৷

ইয়াৰ ভিতৰত ৰাছিয়ান বাহিনীক পৰাস্ত কৰিব পৰাকৈ বায়ু প্ৰতিৰক্ষা প্ৰণালী অস্ত্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ বৰ্তমানলৈ ইউক্ৰেইন প্ৰশাসনে জনোৱা অনুসৰি ডজনে ডজনে বায়ু প্ৰতিৰক্ষা অস্ত্ৰ, ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ, শ্বাহেদ-১৩৬ ড্ৰোন আৰু কামিকাজে ড্ৰোনে এই ৰাছিয়াৰ আক্ৰমণত মাৰাত্মক ভূমিকা পালন কৰিছে ৷

লগতে পঢ়ক:Karnataka hijab ban : আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

ABOUT THE AUTHOR

...view details