আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 16 জানুৱাৰী :প্ৰেম কৰোঁতে সাৱধান হওক ৷ নহ’লেও আপুনিও প্ৰাণ হেৰুৱাব পাৰে প্ৰেমিক-প্ৰেমিকাৰ হাতত ৷ এইবাৰ লণ্ডনত ভাৰতীয় বংশোদ্ভূতৰ এগৰাকী মনোবিজ্ঞানীক নৃশংসভাৱে হত্যা কৰিলে প্ৰেমিকে ৷ ২০২২ চনৰ 19 মাৰ্চত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ লণ্ডনত থকা বিশ্ববিদ্যালয়ৰ আৱাসত বাস কৰিছিল চাবিতা থানৱানী নামৰ 19 বছৰীয়া যুৱতীগৰাকীয়ে ৷ তেওঁ লণ্ডনৰে মাৰোফ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ লণ্ডনৰ ক্লাৰ্কেনৱেল অঞ্চলৰ আৰ্বাউৰ হাউছৰ ছাত্ৰ ফ্লেটত চাবিতাক বন্দী কৰি ডিঙি কাটি হত্যা কৰে প্ৰেমিক মাৰোফে ৷
মাৰোফৰ কোনো নিৰ্দিষ্ট ঠিকনা নাছিল ৷ মাৰোফে নিজেই এই জঘন্য ঘটনাৰ কথা স্বীকাৰ কৰিছিল ৷ মাৰোফে জানিবলৈ দিয়া অনুসৰি সেই সময়ত তেওঁ শ্বিজোফেক্টিভ ৰোগত ভুগি আছিল ৷ তেওঁ এজন জৰুৰীকালীন কৰ্মীক প্ৰহাৰ কৰি আক্ৰমণৰ কথাও স্বীকাৰ কৰিছিল ৷ মাৰোফক শাস্তি প্ৰদান কৰাৰ সময়ত, ন্যায়াধীশ নাইজেল লিকলি কেচিয়ে কৈছিল যে মাৰোফে এটা মানসিক বিকাৰৰ ফলত এই ঘটনাটো সংঘটিত কৰিছিল ৷