ইণ্টাৰনেশ্যনেল ডেস্ক, 1 অক্টোবৰ:ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীক খালিস্তানী পন্থীয়ে কৰা দুৰ্ব্যৱহাৰক গৰিহণা দিছে গুৰুদ্বাৰ সমিতিয়ে ৷ শনিবাৰে যুক্তৰাজ্যৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দোৰাইস্বামীক পৰিকল্পিতভাৱে গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল খালিস্তানী পন্থীয়ে । উল্লেখ্য যে, ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৰুদ্বাৰলৈ গৈছিল ।
গুৰুদ্বাৰা পৰিচালনা সমিতিয়ে গ্লাছগো গুৰুদ্বাৰাৰ বাহিৰত সংঘটিত কৰা এই আচৰণক ‘বিশৃংখল আচৰণ’ বুলি অভিহিত কৰে । এক বিবৃতিযোগে সমিতিয়ে কয়, " 2023 চনৰ 29 ছেপ্টেম্বৰত গ্লাছগো গুৰদ্বাৰত এক ঘটনা সংঘটিত হৈছিল । গুৰুদ্বাৰ সকলো সম্প্ৰদায় আৰু পটভূমিৰ লোকৰ বাবে মুকলি ।"
উল্লেখ্য যে, ব্যক্তিগত ভ্ৰমণৰ বাবে আহিছিল ভাৰতীয় উচ্চায়ুক্তগৰাকী । এগৰাকী স্কটিছ সংসদৰ সদস্যই উচ্চায়ুক্তগৰাকীক নিমন্ত্ৰণ জনাইছিল । অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গ্লাছগো অঞ্চলৰ বাহিৰৰ একাংশ অচিনাক্ত ব্যক্তিয়ে এই পদযাত্ৰাত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে । তেওঁক গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল । যাৰ বাবে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰি উভতি যাবলগীয়াত পৰে । ঘটনাৰ তথ্য স্কটলেণ্ড আৰক্ষীক প্ৰদান কৰা হৈছে বুলি বিবৃতিটোত কোৱা হৈছে ।