অসম

assam

ETV Bharat / international

Twitters Trust and Safety Head Quits : চলচ্চিত্ৰ প্ৰসংগত নাটকৰ মাজতে টুইটাৰৰ বিভাগীয় মুৰব্বীৰ পদত্যাগ - Elon Musk

টুইটাৰৰ বিশ্বাস আৰু সুৰক্ষা বিভাগৰ মুৰব্বী এলা ইৰউইনে এখন চলচ্চিত্ৰক লৈ চলি থকা নাটকীয় ঘটনাৰ মাজতে নিজৰ পদবীৰ পৰা পদত্যাগ কৰে (Twitters Trust and Safety Head Quits) ।

Twitters Trust and Safety Head Quits
Twitters Trust and Safety Head Quits

By

Published : Jun 2, 2023, 1:54 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ২ জুন :টুইটাৰ আৰু বিতৰ্ক, দুয়োটায়ে যেন এতিয়া ইটোৱে সিটোক লগ নেৰা হৈছে । ইতিমধ্যে বিভিন্ন বিতৰ্কৰ পৰিপ্ৰেক্ষিতত টুইটাৰৰ কেইবাগৰাকীও কাৰ্যবাহী বিষয়াই পদত্যাগ কৰিছে । এই পদত্যাগৰ ঢৌৰ মাজতে এইবাৰ পদত্যাগ কৰে টুইটাৰৰ বিশ্বাস আৰু সুৰক্ষা বিভাগৰ মুৰব্বী এলা ইৰউইনে (Twitters Trust and Safety Head Quits) । এখন চলচ্চিত্ৰক লৈ চলি থকা নাটকীয় ঘটনাৰ মাজতে তেওঁ নিজৰ পদবীৰ পৰা পদত্যাগ কৰে ।

উল্লেখ্য যে ২০২২ চনৰ জুন মাহত টুইটাৰত যোগদান কৰিছিল ইৰউইনে (Ella Irwin quits twitter) । তাৰ পিছত নৱেম্বৰ মাহত তেওঁ বিশ্বাস আৰু সুৰক্ষা বিভাগৰ মুৰব্বী হিচাপে নিযুক্ত হয় । ইলন মাস্কে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এই বিভাগটোৰ পৰা পদত্যাগ কৰা ইয়োল ৰথৰ স্থানত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল (twitter suprimo Elon Musk) ।

প্ৰতিবেদন অনুসৰি, তেওঁৰ এই পদত্যাগৰ ফলত এই প্লেটফৰ্মত বিজ্ঞাপনদাতাসকলক ধৰি ৰখাৰ ক্ষেত্ৰত চলি থকা প্ৰত্যাহ্বান আৰু বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে । আনহাতে, ৰক্ষণশীল আউটলেট 'দ্য ডেইলী ৱায়াৰ'-এ বৃহস্পতিবাৰে দাবী কৰে যে মাইক্ৰ'-ব্লগিং প্লেটফৰ্ম টুইটাৰত বিনামূলীয়াকৈ উপলব্ধ তেওঁলোকৰ চলচ্চিত্ৰ 'What is a Woman?' প্ৰচাৰ কৰাৰ বাবে কৰা চুক্তি বাতিল কৰিছে ।

ডেইলী ৱায়াৰৰ সহ-প্ৰতিষ্ঠাপক আৰু সহ-মুখ্য কাৰ্যবাহী বিষয়া জেৰেমি বোৰিঙে এই সন্দৰ্ভত পোষ্ট কৰি কয়, "টুইটাৰে @realdailywire-ৰ সৈতে তেওঁলোকৰ প্লেটফৰ্মত 'What is a Woman?' চলচ্চিত্ৰৰ বিনামূলীয়া প্ৰিমিয়াৰৰ চুক্তি বাতিল কৰিছে ।" আনহাতে, ইয়াৰ উত্তৰত মাস্কে কয় যে তেওঁলোকে কোনো আইন উলংঘা কৰা নাই ।

ইফালে বোৰিঙে মন্তব্য কৰে, "আমাৰ এইটো আশা যে টুইটাৰ এনে এক স্থান হৈ আছে য'ত মুকলিমূৰীয়াকৈ এয়া কৰিব পাৰোঁ ।" কিন্তু এইটো স্পষ্ট নহয় যে এই পৰিস্থিতিৰ লগত ইৰউইন জড়িত হৈ আছেনে নাই । কিন্তু তেওঁ সম্ভৱত ভিডিঅ'টো লেবেল লগোৱাৰ সিদ্ধান্তত জড়িত আছিল, "যিটোৱে বৰ্তমান ৰক্ষণশীল আৰু ট্ৰেন্সজেণ্ডাৰ বিৰোধী টুইটাৰ ব্যৱহাৰকাৰীসকলৰ মাজত এক ক্ষোভৰ উদ্গীৰণ ঘটাই আছে, যিসকলে মাস্কক এক নিৰ্ভৰযোগ্য সহযোগী হিচাপে চায় ।" দ্য ভাৰ্জৰ প্ৰতিবেদনত প্ৰকাশ ।

লগতে পঢ়ক :Elon Musk becomes Richest Person in World : বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত পুনৰ এলন মাস্ক

ABOUT THE AUTHOR

...view details